অসমবাসীৰ বাবে পথ-সুৰক্ষা সজাগতাৰ বাবে ম’বাইল এপ মুকলি কৰা হৈছে। মহানগৰীৰ খানাপাৰাস্থিত পৰিবহণ ভৱনত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ‘পথ সুৰক্ষা সহযোগী’ নামৰ এপটো মুকলি কৰে। নাগৰিকসকলে এই এপত পঞ্জীয়ন কৰিব পাৰিব আৰু পথ সুৰক্ষা সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পাৰিব।
এই অনুষ্ঠানতেই TATA POWERৰ সৈতে অসম চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি TATA POWERএ গুৱাহাটীৰ ১০টাকৈ গুৰুত্বপূৰ্ণ স্থানত উন্নত মানৰ EV চাৰ্জাৰৰ নেটৱৰ্ক স্থাপন কৰিব। আগন্তুক সময়ত বিদ্যুৎ চালিত বাহনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এনে প্ৰদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই কয় যে, ‘‘পূজা বুলিয়েই মদ কিয় খাব লাগে? পূজা হৈছে দুৰ্গা দেৱীক আধ্যাত্মিকভাৱে আৰাধনা কৰাৰ উৎসৱ।’’ লগতে তেওঁ কয় যে, ‘‘অধিক সংখ্যক দুৰ্ঘটনা সুৰপান কৰি বাহন চলোৱাৰ বাবে সংঘটিত হয়। প্ৰথমে অত্যধিক সুৰা সেৱন কৰে তাৰ পাছত নিজেই বাহন চলায়। এয়া কেনে অদ্ভূত মানসিকতা!’’
‘পথ সুৰক্ষা সহযোগী’ এপৰ লগতে মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই পৰিবহন বিভাগৰ প্ৰেক্ষাগৃহও মুকলি কৰে।

