Site icon Guwahati Times

মহিলাৰ চতুৰ্থ প্ৰেমিকে হত্যা কৰিলে অঞ্জনক! গ্ৰেপ্তাৰ ৩জন

কইনাধৰাৰ হত্যাকাণ্ডত জড়িত ৩ অভিযুক্তক গ্রেপ্তাৰ ক্রাইম ব্রান্সৰ। জনৈক গোৱেংকা উপাধিৰ যুৱকৰ দ্বাৰা সংঘটিত হৈছিল এই হত্যাকাণ্ড।

অভিযোগ অনুসৰি গায়িত্রী সিনহাৰ চতুৰ্থ প্রেমিক আছিল গোৱেংকা উপাধিধাৰী ব্যক্তিগৰাকী। হত্যাকাণ্ডৰ বাবে বিহাৰৰ পৰা আনিছিল পিষ্টলটো।

ইয়াৰে দুজনক আঠগাঁও আৰু ভৰলুৰ পৰা গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰান্সে। মাৰণাস্ত্র যোগান ধৰা যুৱকজনকো গ্রেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে ৭টাকৈ মোবাইল ফোন।

উল্লেখ্য যে, ১২ অক্টোবৰৰ সন্ধিয়া মহানগৰীৰ কইনাধৰাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। অঞ্জন নাথ নামৰ যুৱকজনক বাইকত অহা দুৰ্বৃত্তই গুলীয়াই পলায়ন কৰিছিল। বুকুত গুলী লগা অঞ্জনৰ পৰৱৰ্তী সময়ত মৃত্যু হৈছিল।

এই ঘটনাৰ পাছতে বহু চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছিল। এগৰাকী মণিপুৰী মহিলাই নিজকে অঞ্জনৰ পত্নী বুলি দাবী কৰিছিল যদিও অঞ্জনৰ পৰিয়ালৰলোকে তেওঁক প্ৰেমিকা বুলিহে কৈছিল। মহিলাগৰাকীৰ এটা পুত্ৰ সন্তানো আছে।

অঞ্জন মহিলাগৰাকী তৃতীয় স্বামী। অন্য দিনাৰ দৰে মহিলাগৰাকীক কামৰ পৰা আনিবলৈ গৈ ৰৈ আছিল অঞ্জন আৰু তেতিয়াই এই ঘটনা সংঘটিত হৈছিল।

Exit mobile version