Site icon Guwahati Times

কামাখ্যাৰ মন্দিৰৰ নিচেই কাষতেই জঘন্য কাণ্ড!

শক্তিপীঠ কামাখ্যাক এইবাৰ কলুষিত কৰিবলৈ চেষ্টা দুৰ্বৃত্তৰ। শনিবাৰে নিশা কামাখ্যা ধামত এক জঘন্য কাণ্ড সংঘটিত হয়। কামাখ্যাৰ VIP পাৰ্কিঙৰ সমীপত এটি শিশুৰ এটা লম্পটৰ কামনাৰ বলি হয়।

জানিব পৰা মতে, নয়ন হালৈ নামৰ যুৱকে এটি ১০ বছৰীয়া শিশুক মাতৃৰ সমীপতেই অসীম চৰিতাৰ্থ পূৰণ কৰে। নয়ন হালৈ শক্তিপীঠ কামাখ্যাত দীৰ্ঘদিন ধৰি ব্যক্তিগত ফটোগ্ৰাফাৰ ৰূপে কাম কৰি আছিল। মাতৃৰ সৈতে কিশোৰীগৰাকী কামাখ্যাত বহু দিনৰ পৰা ভিক্ষা কৰি চলি আছিল। নিশা সুযোগ বুজি লম্পট নয়ন হালৈয়ে মাতৃৰ সমীপতেই এই জঘন্য কাণ্ড সংঘটিত কৰে।

এই ঘটনাৰ পিছতেই ভুক্তভোগী মাতৃয়ে সহায় বিচাৰি কামাখ্যা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইতিমধ্যে কামাখ্যা আৰক্ষীয়ে লম্পট নয়ন হালৈক গ্ৰেপ্তাৰ কৰিছে।

Exit mobile version