Site icon Guwahati Times

বৃহস্পতিবাৰৰ পৰা কামাখ্যা দেৱালয়ত পাঁচদিনীয়াকৈ অম্বুবাচী মেলা,প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি

কামাখ্যাৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন,২১জুন:– অসমৰ প্ৰাচীনতম শক্তি আৰাধনাৰ স্থলী ৰূপে খ্যাত শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ত ২২ জুনৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহাযোগলৈ মাজত মাত্র এটা দিন বাকী থকা অৱস্থাত বাহিৰৰ পৰা অহা ভক্তৰে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ । ইতিমধ্যে বহু ভক্তই কামাখ্যা দেৱালয় চৌহদত পূৰ্বে নিৰ্দ্ধাৰিত সূচী অনুসৰি তেওঁলোকৰ নিজা নিজা পাণ্ডাৰ ঘৰত আশ্ৰয় লোৱাৰ লগতে তাত থকা অতিথিশালাত বাহৰ পাতি যাবতীয় পূজা অৰ্চনা কৰা দেখা গৈছে । ইফালে আগন্তুক অম্বুবাচী মহাযোগ যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ,মহানগৰ আৰক্ষী,কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । মঙ্গলবাৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক যৌথ সংবাদ মেলত আগন্তুক অম্বুবাচী মহাযোগৰ সুচাৰু ৰূপে সম্পন্ন কৰা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে ২২ জুনৰ দিনা মাজনিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হৈ ২৩ জুনৰ পৰা ২৫ জুনলৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব । ২৬ জুনত পুৱা দেৱী স্নান,নিত্য পূজাৰ পাছতহে মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে খোলা হ’ব। ২৬ আৰু ২৭ জুনত মন্দিৰ দৰ্শনৰ বাবে ভিভিআইপি, ভিআই পি আৰু বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব । এইবছৰ দেৱালয় চৌহদকে ধৰি নীলাচল পথত অম্বুবাচীত অহা ভক্তৰ বাবে থকা আৰু খোৱাৰ কোনো ব্যৱস্থা নাথাকিব। কেবল পানী বা জুছ জাতীয় পানীয়হে ভক্তক যোগান ধৰিব পাৰিব। তেনেদৰে বাহিৰৰ পৰা অহা ভক্তৰ বাবে পাণ্ডু নদী বন্দৰ আৰু কামাখ্যা ৰেল ষ্টেচনত স্থাপন কৰা দুয়োটা শিবিৰত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব। অম্বুবাচী মহাযোগৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবে মন্দিৰ হৈ সংযোগী পথৰ নামনি কামাখ্যা,প্রশান্তি লজ আৰু ভি আই পি পার্কিং স্থানত ২৪ ঘণ্টাৰ সেৱাৰ বাবে তিনিটা যৌথ নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হ’ব। ভক্তৰ গতিবিধি আৰু নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে অতিৰিক্ত চি চি টি ভি কেমেৰা স্থাপন কৰা হৈছে । ২২ জুনৰ বিয়লিৰ পৰা ২৬ জুনৰ নিশালৈ কামাখ্যা মন্দিৰ সংযোগী পথত সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধ থাকিব । কেৱল কোনো ভক্ত অসুস্থ হলে বা দিব্যাংগ ভক্তৰ বাবে সীমিত সংখ্যক বাহন জৰুৰী সেৱাৰ বাবে ব্যৱহৃত হব । অম্বুবাচী কেইদিনত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ মন্দিৰ সংযোগী পথত সকলোৱে খোজ কাঢ়ি অহা-যোৱা কৰিব লাগিব বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰি কৰে । আনহাতে সংবাদ মেলত ভাগ লৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাঁই কয় যে বাহিৰৰ পৰা অহা ভক্তৰ বাবে প্রধান শিবিৰটো পাণ্ডু নদী বন্দৰত স্থাপন কৰা হৈছে । তাত প্ৰায় দহ হাজাৰ ভক্তই আশ্ৰয় ল’ব পাৰিব। ইয়াৰ উপৰি কামাখ্যা ৰেল ষ্টেচনত স্থাপন কৰা শিবিৰত সৰ্বাধিক চাৰি হাজাৰ ভক্তই আশ্ৰয় লব পাৰিব। তাত ভক্তৰ বাবে খোৱা,থকা,শৌচালয় আদিৰ ব্যৱস্থা কৰা হৈছে । অম্বুবাচী মহাযোগ সুচাৰুভাবে সম্পন্ন কৰাৰ বাবে আৰক্ষী,জিলা প্রশাসনকে ধৰি প্ৰায় দুই হাজাৰ বিষয়া-কৰ্মচাৰী নিয়োজিত হ’ব বুলি উপায়ুক্ত ঝাঁই সদৰি কৰিছে । তেনেদৰে সংবাদ মেলত ভাগ লৈ মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মনে কয় মালিগাঁৱত নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেতুৰ বাবে যান বাহন নিয়ন্ত্রণ ব্যৱস্থাটো কিছু কঠোৰ কৰা হৈছে । ২২ জুনৰ বিয়লিৰ পৰা ২৬ জুনৰ সন্ধিয়ালৈ কামাখ্যা মন্দিৰলৈ যান বাহন লৈ আহিবলগীয়া লোক সকলে সোণাৰাম খেলপথাৰ আৰু মালিগাঁও বৰিপাৰা খেলপথাৰত নিজৰ বাহন পার্কিং কৰি খোজ কাঢ়ি মন্দিৰলৈ লি যাব পাৰিব। সেই কেইদিনত গুৱাহাটীলৈ আহিবলগীয়া আন্তঃজিলা সেৱাৰ বাছ, ট্রাকসমূহ জালুকবাৰীৰ পৰা দীনেশ গোস্বামী পথৰে গৈ গুৱাহাটীত প্ৰৱেশ কৰিব নোৱাৰিব। মাজনিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ কেৱল তিনিচকীয়া অট’ভানহে গুৱাহাটীত প্ৰৱেশ কৰিব পাৰিব বুলি হিৰণ্য বৰ্মনে সদৰি কৰে ।

Exit mobile version