Site icon Guwahati Times

নিৰ্যাতন: বোৱাৰীৰ দেহত তেল ধালি জ্বলাই দিয়াৰ অপচেষ্টা স্বামী পৰিয়ালৰ

গুৱাহাটী মহানগৰীত দৈনিক সংঘটিত হ’বলৈ ধৰিছে হিংসাত্মক ঘটনা। মহানগৰীত বিগত কেইবাদিনত কেইবাতাও মৃতদেহ উদ্ধাৰ লগতে পোহৰলৈ আহিছে বহুকেইটা নৃংশস ঘটনাৰ কথা। পুনৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বোৱাৰীক তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টাৰ অভিযোগ উত্থাপিত হৈছে স্বামী আৰু শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে।

মহানগৰীৰ বাঘৰবৰী পুৱেৰুণ পথত সংঘটিত হৈছে এই নৃংশস ঘটনা। জানিব পৰা মতে, শাহুৱেকে বোৱাৰীয়েকৰ সোণৰ আঙুঠি চুৰি কৰাক লৈ সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি, বোৱাৰীগৰাকীয়ে চুৰি হোৱা আঙুঠিটো ঘূৰাই বিচৰাত স্বামী হিৰক জ্যোতি পাঠকসহ পৰিয়ালৰ সকলোৱে বোৱাৰীগৰাকীক প্ৰহাৰ কৰে আৰু বোৱাৰীগৰাকীৰ দেহত কেৰাচিন তেল ধালি দিয়ে।

বোৱাৰীগৰাকীক জ্বলাই দিবলৈ দিয়াচলাই বিচাৰি থকা মূহুৰ্ততে বোৱাৰীগৰাকীয়ে কোনোমতে নিজৰ প্ৰাণ বচাই এটা কোঠাত সোমাই দুৱাৰ বন্ধ কৰি দিয়ে। বন্ধ কোঠাৰ পৰাই বোৱাৰীগৰাকীয়ে সাতগাঁও আৰক্ষী চকীলৈ ফোন কৰে আৰু আৰক্ষীয়ে আহি বোৱাৰাগৰাকীক উদ্ধাৰ কৰে।

বোৱাৰীগৰাকীৰ মাতৃয়ে কৰা অভিযোগ অনুসৰি স্বামী হিৰক জ্যোতি পাঠক এজন জুৱাৰী। বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ দিনাই জুৱা খেলিবলৈ অনুমতি নিদিয়াৰ অযুহাতত বোৱাৰীগৰাকীৰ সৈতে হিৰকে কাজিয়া কৰিছিল। এখন ৰিহাব চেন্টাৰৰ স্বত্তাধীকাৰী হিৰক জ্যোতি পাঠকে সুৰামত্ত হৈ ৰিহাব চেন্টাৰৰ ৰোগীসকলৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰো গুৰুতৰ অভিযোগ তুলিছে বোৱাৰীগৰাকীৰ মাতৃয়ে। লগতে হিৰক জ্যোতি পাঠকৰ অন্য নাৰীৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলিও অভিযোগ উত্থাপন কৰিছে মাতৃগৰাকীয়ে।

সম্প্ৰতি সমগ্ৰ ঘটলা সন্দৰ্ভত স্বামী হিৰক জ্যোতি পাঠকসহ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু ভুক্তভোগী বোৱাৰীগৰাকীয়ে।

Exit mobile version