Site icon Guwahati Times

গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱাঃ ক’ভিড বিধি উলংঘাৰে চলিছে ফেৰী সেৱা

ক’ৰোনাৰ দ্বিতীয় ঢৌৱে আতংক সৃষ্টি কৰাৰ সময়তে গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ ৰাজ্য চৰকাৰে ক’ভিড সংক্রমণ ৰোধৰ বাবে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷

ৰাজ্য চৰকাৰৰ নির্দেশনাৰ পিছতো একাংশ অসচেতন লোকে ক’ভিড বিধি উলংঘাৰে যাতায়াত কৰি অহা পৰিলক্ষিত হৈছে৷ ক’ৰোনাৰ ভয়াৱহতাক নেওচি মহানগৰীৰ চিটী বাছত একাংশ যাত্রীয়ে মাস্ক, সামাজিক দূৰত্ব নৰখাকৈ যাত্রা কৰি অহাৰ পিছতো প্রশাসনে এনে যাত্রী আৰু চিটীবাছ চালকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

ৰাজ্যৰ ভিতৰত গুৱাহাটী মহানগৰীত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা শীর্ষত থকাৰ পিছতো চৰকাৰী নীতি–নির্দেশনা উলংঘাৰে একাংশ লোকে ফেৰীৰে যাত্রা কৰি আছে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ সুযোগ লৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰীসমূহত মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব বজাই নাৰাখি যাতায়াত কৰি আহিছে৷ এনেদৰে ক’ভিড বিধি উলংঘাৰে ফেৰীৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াত কৰিলে ভৱিষ্যতে ভয়াৱহ বিপদৰ সন্মুখীন হ’ব লাগিব যাত্রীসকল৷

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব নমনাকৈ যাত্রীসকলে যাতায়াত কৰাত ক’ভিডৰ ভয়াৱহ গণ সংক্রমণৰ আশংকা কৰিছে একাংশ লোকে৷ সেয়েহে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰীসমূহ ৫০ শতাংশ যাত্রীৰ লগতে ক’ভিড বিধি মানি চলাচল কৰাৰ ব্যৱস্থা কৰিবলৈ জিলা প্রশাসনক আহ্বান জনাইছে সচেতন লোকসকলে৷

ক’ৰোনাৰ ভয়াৱহ সংক্রমণৰ পিছতো ক’ভিড বিধি উলংঘাৰে জল পৰিবহণ বিভাগৰ বিষয়া–কর্মচাৰীয়ে গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচল কৰি অহা বিষয়টোৰ তদন্ত কৰিবলৈও আহ্বান জনাইছে সচেতন ৰাইজে৷

Exit mobile version