ৰাণীত যুৱতী নির্যাতনৰ অভিযোগত ব্যৱসায়ী দীপক বৰুৱাক আৰক্ষীৰ জেৰা

1 min read

ক্রীড়াৰ প্রশিক্ষণ আৰু আর্থিক সহায়ৰ প্রলোভনেৰে ছয়গৰাকী যুৱতীক ৰাণীলৈ আনি নির্যাতন চলোৱা বহু বিতর্কিত ব্যৱসায়ী দীপক বৰুৱাক আজি পলাশবাৰী আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷

 

নগাঁও, টিহু, হাউলী, লখৰা আৰু ধুবুৰীৰ পৰা ছয়গৰাকী যুৱতীক ক্রীড়াৰ প্রশিক্ষণ দিবলৈ আনি দীপক বৰুৱাই নিজৰ কার্যালয়ত সুৰাপান আৰু চিগাৰেট সেৱন কৰিবলৈ বাধ্য কৰোৱাইছিল৷ তদুপৰি, বহু বিতর্কিত ব্যৱসায়ী দীপকে যুৱতীকেইগৰাকীক নির্যাতন চলোৱাৰ লগতে অশ্লীল ভাষাৰে গালি–গালাজ পাৰিছিল৷ এগৰাকী যুৱতীয়ে এই দৃশ্য নিজৰ ম’বাইলত আবদ্ধ কৰিছিল৷

 

এই কথা জানিব পাৰি দীপক বৰুৱাই যুৱতীকেইগৰাকীৰ বিৰুদ্ধে ভুৱা অভিযোগ তুলি ৰাণী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ আৰক্ষীৰ তদন্তত দীপক বৰুৱাৰ কু–কর্ম পোহৰলৈ অহাত এক মোটা অংকৰ ধনৰ বিনিময়ত যুৱতীকেইগৰাকীৰ ম’বাইলৰ পৰা ভিডি’–ডি’ ডিলিট কৰে৷ ‘নিয়মীয়া বার্তা’ কাকতত ২৩ জুনত দীপক বৰুৱাৰ কু–কাণ্ডৰ বাতৰি তথ্যসহকাৰে প্রকাশ পাইছিল৷

 

এই বাতৰিৰ আলম লৈ আজি পলাশবাৰী থানাত হিউমেন ৰাইটছ এণ্ড এণ্টি ক’ৰাপচনৰ ৰাষ্ট্রীয় সভানেত্রী প্রতিমা বৰুৱা আৰু জিলা সভানেত্রী অদিতি কলিতাই এজাহাৰ দাখিল কৰে৷ এজাহাৰ দাখিল কৰাৰ পিছতে পলাশবাৰী থানাৰ আৰক্ষীয়ে দীপক বৰুৱাক আটক কৰি ঘটনা সন্দর্ভত সোধা–পোছা অব্যাহত ৰাখিছে৷

You May Also Like

More From Author