Site icon Guwahati Times

আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱতী

সামাজিক মাধ্যমত নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱতী। চৰাইদেউ জিলাৰ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা এই যুৱতীগৰাকীৰ নাম মইনা চুতীয়া বয়স ২৩ বছৰ। উল্লেখ্য যে, ৰাইদঙীয়া চাৰিআলিৰ এইগৰাকী যুৱতীয়ে ফেচবুকত অলপতে ‘আই লাভ আলফা, আলফাৰ লিংক পালে ময়ো যাম’ বুলি এটা পোষ্ট দিছিল। ফেচবুকত আৰক্ষীয়ে পোষ্টটো পোৱাৰ পাছতে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, বক্সিং খেলুৱৈ মইনা চুতীয়াক গ্ৰেপ্তাৰৰ পাছতে চৰাইদেউৰ আৰক্ষী অধীক্ষকে জেৰাৰ বাবে লৈ যায়। ঘটনাটোক কেন্দ্ৰ কৰি মৰাণত তীব্র চাঞ্চল্যই বিৰাজ কৰিছে।

জেৰাৰ অন্তত খেলুৱৈগৰাকীক আদালত হাজিৰ কৰোৱা হয় আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Exit mobile version