Site icon Guwahati Times

বিউটী পাৰ্লাৰত সাজিবলৈ গৈ বিপদত অসমৰ যুৱতী

এক আজৱ ঘটনাৰ সাক্ষী হ’ল শিলচৰৰ যুৱতী বিনীতা নাথ। শিক্ষাৰ বাবে ইটালীত থকা বিনীতাই বান্ধৱীৰ বিয়া খাবলৈ শিলচৰলৈ আহিছিল। বান্ধৱীৰ বিয়া গুৱাহাটীত হোৱা হেতুকে বিনীতাই শিলচৰতে সাৰদা বিউটি পাৰ্লাৰত ফেচিয়েল কৰিবলৈ সাৰদা পাৰ্লাৰলৈ গৈছিল।

তাতেই ঘটিল অথন্তৰ। পাৰ্লাৰৰ এজন কৰ্মীয়ে তেওঁৰ মুখত ব্লিচ লগোৱাৰ পিছতে যুৱতীগৰাকীৰ মুখখন জ্বলি যায়। তাৰ পিছতেই বিনীতাৰ সম্পূৰ্ণ মুখমণ্ডল সলনি হৈ যায়।

এই সন্দৰ্ভত যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনাৰ বাবে পাৰ্লাৰখনক জগৰীয়া কৰি ফেচবুকত ভিডিঅ’ আপলোড কৰিছে।

Exit mobile version