Guwahati Times

বজাৰত চৱজি বিক্ৰী কৰিবলৈ গৈ সন্ধান হীন হল টংলাৰ সংগীতা ডেকা

ওদালগুৰি :মিৰাজুল হুচেইন: ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত মাজগাঁও নিবাসী কৃষক হৰেন ডেকাৰ একমাত্ৰ কণ‍্যা সংগীতা ডেকা(১৩) মঙলবাৰে পুৱাৰে পৰা নিশা ৯ বজালৈ সন্ধানহীন হৈ থকাত টংলাত চাঞ্চল‍্যৰ সৃষ্টি কৰিছে।

পলাহগড় মজলীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী সংগীতা ডেকাই ঘৰৰ আৰ্থিক দুৰঅৱস্থাৰ টংলা চহৰকে ধৰি ঘৰৰ আখে-পাখে কেছা চৱজি বিক্ৰী কৰি পঢ়া শুনাৰ লগতে ঘৰৰ আৰ্থিক অৱস্থাত সহায় কৰি আহিছিল।

কিন্তু মঙলবাৰে বজাৰৰ পৰা নিশা প্ৰয্যন্ত সংগীতা ঘৰলৈ ঘূৰি নোযোৱাত ঘৰ খনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।সংগীতাৰ লগত যোগাযোগ কৰিবলৈ সংগীতাৰ লগত নাই কোনো মোবাইল ফোন ।

Exit mobile version