চাকৰি দিয়াৰ নামত স্থাপন কৰিলে যৌন সম্পৰ্ক, পিছত …

1 min read

বাছ কণ্ডাক্টৰৰ নিকৃষ্ট কাণ্ড। দুগৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থান কৰি টকাৰ লোভত আপলোড কৰিলে পৰ্ণ চাইটত। মহাৰাষ্ট্ৰৰ পলঘৰত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বাছ কণ্ডাক্টৰজনক।

থানে মিউনিচিপাল ট্ৰেন্সপৰ্টৰ অধীনৰ বাছ কণ্ডাক্টৰ জনৰ বিৰুদ্ধে আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে।

মহিলা দুগৰাকীক চাকৰিৰ লোভ দেখুওৱা হৈছিলঃ

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত বাছ কণ্ডাক্টৰ জনে মহিলাদুগৰকীক চাকৰিৰ লোভ দেখুৱাইছিল। আৰু পিছত শাৰীৰিক সম্পৰ্ক স্থাপন কৰা ভিডিঅ’ ৰেকৰ্ড কৰি ইণ্টাৰনেটত আপলোড কৰে।

বাছ কণ্ডাক্টৰ জনৰ নাম মিলিণ্ড জাদে। কিন্তু লোকজনে নিজৰ পৰিচয় গোপন কৰি চৰকাৰী চাকৰি দিয়াৰ লোভ দেখুৱাই দুগৰাকী মহিলাৰ সৈতে বলপূৰ্ব্বক ভাবে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। আৰু মনে মনে পৰ্ণ চাইটত আপলোড কৰে।

পিছত দুয়োগৰাকী মহিলাই আৰক্ষীৰ থানাত গোচৰ ৰুজু কৰে বাছ কণ্ডাক্টৰজনৰ বিৰুদ্ধে। আৰক্ষী জনোৱা, যোৱা জুলাই মাহৰ পৰা চলাই আছিল এনেধৰণৰ অসত্‍ কাম। আনহাতে ভিডিঅ’ পৰ্ণ চাইটত আপলোড কৰি পাঁচ লাখ টকা উপাৰ্জন কৰিছিল অভিযুক্তই।

Source: NEWS 18 NE

You May Also Like

More From Author