স্নাতক-স্নাতকোত্তৰৰ ছাত্ৰীয়েও পাব স্কুটী, ল’ৰাই পাব বুলেট

1 min read

কলিয়াবৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা-স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলেও পাব স্কুটী।

সভাখনত ভাষণ প্ৰদান কৰি ড০ শৰ্মাই কয়-এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটী দিছোঁ। অহাবাৰ গ্ৰেজুৱেট, পোষ্ট-গ্ৰেজুৱেট পঢ়া ছাত্ৰীসকলকো দিম।

প্ৰসংগক্ৰমে জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত তেওঁ এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ স্থিতিক তীব্ৰ সমালোচনা কৰে।

আজমলে মহিলাসকলক সন্তান জন্ম দিয়া মেচিন বুলি গণ্য কৰে বুলি এভিযোগ কৰে ড০ শৰ্মাই।

ইপিনে, যুৱকসকলেও আগন্তুক দিনত বুলেট বা মটৰ চাইকেল পাব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। অৱশ্যে মটৰচাইকেলৰ পাছফালে কেৱল মাতৃ আৰু ভগ্নীক উঠাব পাৰিব বুলি কয় শৰ্মাই।

You May Also Like

More From Author