December 7, 2021

গীতামন্দিৰত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি

ঐতিহ্যমণ্ডিত গীতামন্দিৰৰ ভূমি বেদখল কৰি ঘৰ আৰু জুপুৰি সাজি বিগত কেইবাবছৰ ধৰি একাংশ লোকে ব্যৱসায় চলাই আহিছিল৷ শেহতীয়াকৈ গীতামন্দিৰ পাহাৰৰ এক বিঘা ভূমি গীতানগৰ থানা নির্মাণৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন দিয়ে৷ উক্ত ভূমিৰ আশে–পাশে ঘৰ আৰু জুপুৰি সাজি ব্যৱসায় চলাই থকা লোকসকলৰ বিৰুদ্ধে বৃহস্পতিবাৰে পৌৰ নিগম আৰু জিলা প্রশাসনে যুটীয়াভাৱে উচ্ছেদ অভিযান চলায়৷ আজি অভিযানকাৰী দলটোৱে জেচিবিৰে গীতামন্দিৰৰ ভূমিত অবৈধভাৱে ঘৰ সাজি ব্যৱসায় চলোৱা ১৪খনকৈ ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰে৷

অভিযানকাৰী দলটোৱে গীতামন্দিৰৰ ভূমিত বাসগৃহ সাজি বসবাস কৰা ২টা বাসগৃহত উচ্ছেদ কৰে৷ পৌৰ নিগম আৰু জিলা প্রশাসনে বিশাল বাহিনী লৈ এই উচ্ছেদ অভিযান চলোৱাৰ সময়তে ব্যৱসায়ীসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ পূর্বৰ জাননী নিদিয়াকৈ এই উচ্ছেদ অভিযান চলোৱাত ক্ষুব্ধ হৈ পৰে ব্যৱসায়ীসকল৷ তদুপৰি ব্যৱসায়ীসকলক ব্যৱসায়িক প্রতিষ্ঠানৰ পৰাও সা–সামগ্রী উলিয়াব নিদিয়া বুলিও অভিযোগ কৰে ব্যৱসায়ীসকলে৷ মহানগৰ জিলা প্রশাসনৰ নির্দেশত পৌৰ নিগমে বিশাল আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ লগত লৈ গীতামন্দিৰত উচ্ছেদ চলোৱাক লৈ আজি তীব্র উত্তেজনাই বিৰাজ কৰিছে৷ উচ্ছেদিত ব্যৱসায়ীসকলৰ অভিযোগ অনুসৰি গীতামন্দিৰৰ ভূমিত থানা নির্মাণৰ বাবেই আজি এই উচ্ছেদ চলাইছে বুলি মন্তব্য কৰে৷

error: Content is protected !!
%d bloggers like this: