Site icon Guwahati Times

ডিব্ৰুগড়ৰ জীয়ৰী গীতিকালৈ মিচ কুইন অৱ দা ৱৰ্ল্ড ইণ্ডিয়া খিতাপ

চাহ নগৰী তথা ডিব্ৰুগড়ৰ জীয়ৰী গীতিকা কাৰোৱাই মিচ কুইন অৱ দা ৱৰ্ল্ড ইণ্ডিয়া খিতাপ অৰ্জন কৰিছে।অলপতে দেশৰ বানিজ্য নগৰী মোম্বাইত আয়োজিত তথা সুন্দৰী অভিনেত্ৰী মালাইকা অৰোৰা মুখ্য অতিথিৰূপে থকা এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত গিতিকাই এই সন্মান আঁজুৰিবলৈ সক্ষম হয়।ডিব্ৰুগড়ৰ চৰকাৰী বহুমূখী বালিকা বিদ্যালয়ত স্কুলীয়া জীৱন আৰম্ভ কৰা গীতিকাই ১৬ বছৰ বয়সতে শ্বুটীঙৰ প্ৰতি আৰ্কষিত হয় আৰু ইয়াৰ সমান্তৰালকৈ নৃত্য আৰু অভিনয়ৰ প্ৰতিও আৰ্কষিত হয়।

বৰ্তমানে উত্তৰাখণ্ডৰ ডেৰাডুনৰ উইলিয়াম গাৰ্লচ ডেৰাডুনত শিক্ষা গ্ৰহণ কৰি বৰ্তমানে এম এম আই এফ এচত বানিজ্য শাখাত স্নাতক কৰি থকা বুলি গীতিকাৰ পিতৃ আৰু মাতৃ ক্ৰমে যোগেশ প্ৰীতি কাৰোৱাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে সৰুৰে পৰা যথেষ্ট অত্যুৎসাহী আৰু বহু কষ্টৰ ফলত উত্তৰাখণ্ড ৰাজ্যক প্ৰতিনিধিত্ব কৰি শ্বুটাৰত তিনিবাৰ ৰাষ্ট্ৰীয় পদক পাবলৈ সক্ষম হৈছিল।অহা মাৰ্চ মাহত আমেৰিকাৰ নিউজাৰ্চিলৈ ৰাওনা হ’ব আৰু তাতেই বিশ্বৰ মিচ কুইন অৱ দা ৱৰ্ল্ড প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিব বুলি সদৰি কৰে।স্বাভাৱিকতেই গিতিকাৰ এনে সাফল্যই চাহ নগৰী ডিব্ৰুগড়ৰ লগতে ৰাজ্যখনত আনন্দৰ জোৱাৰ তুলিছে।

Exit mobile version