Site icon Guwahati Times

গুৱাহাটীত বায়ু প্রদূষণঃ অগ্নিনির্বাপক বাহিনীৰ বাহনেৰে ছটিয়াব পানী

এজাক বৰষুণৰ বাবে যেন এতিয়া গুৱাহাটীবাসীয়ে সাবাথুৰি খাবলগীয়া হৈছে। বৰষুণ এজাক নোহোৱাৰ ফলতেই এতিয়া গুৱাহাটীৰ আকাশ হৈ পৰিছে ধূলিময়। যাৰ বাবে গুৱাহাটীবাসীয়ে সন্মুখীন হ’বলগীয়া হৈছে বিভিন্ন অসুবিধা।

কিন্তু এতিয়াৰ চিন্তা কাৰণ নাই। দেৰিকৈ হ’লেও গুৱাহাটী পৌৰ নিগমে য়ে তৈয়াৰ কৰিছে পদূষণ দূৰি কৰাৰ ব্লু প্ৰিণ্ট।

গুৱাহাটী মেয়ৰ মৃগেন শৰণীয়া দেওবাৰে সংবাদ মাধ্যমৰ আগত জনাই যে, গুৱাহাটীক প্ৰদূষণমুক্ত কৰিবলৈ GMC য়ে  ১৮ কোটি টকা ধাৰ্য কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ ৮ খন গাড়ীয়ে ৱাৰ্ডে ৱাৰ্ডে গৈ পানী মাৰিব।

GMC কেৱল ইমানতেই বাদ দিয়া নাই তেওঁলোকে পৰিৱেশ সুৰক্ষা সমিতি গঠনৰো সিদ্ধান্ত লৈছে বুলি শৰণীয়াই জানিবলৈ দিয়ে। এই পৰিৱেশ সুৰক্ষা সমিতিয়ে ৱাৰ্ড সমূহত গছপুলি ৰোৱাৰ লগতে গছত পানী চিতোৱাৰো কাম কৰিব বুলি কয়।

লগতে তেওঁ কভিডৰ সময়ত NGO সমূহক দিয়া ছেনিটাইজাৰ চিতোৱা মেচিনেৰে বৰ্তমান পানী মাৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে বুলি গুৱাহাটী মেয়ৰ গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, অলপতে GMC নিৰ্দেশনা জাৰি কৰিছিল যে যিসমূহ নতুনকৈ নিৰ্মাণ কৰি থকা বিল্ডিংবোৰ ঢাকি কাম কৰিবলৈ । ১৮ কোটি টকাৰে গুৱাহাটীবাসীক GMC য়ে প্ৰদূষণৰ পৰা মুক্ত কৰিবা পাৰিব নৈ সেয়া সময়ে হে ক’ব।

Exit mobile version