Site icon Guwahati Times

GMCH ত ৰঙা তেজৰ ক’লা বেহা ! লেবৰটেৰি টেকনিছিয়ানক গ্ৰেপ্তাৰ…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত অব্যাহত আছে দালাল ৰাজ। শনিবাৰে জি এম চি এইছত আৰক্ষীয়ে অভিযান চলাই দালাল চক্ৰৰে জড়িত লেবৰেটৰি টেকনিছিয়ানক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা প্ৰমাণ হৈছে।

জি এম চি এইছত দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে প্ৰসন্ন বৈশ্য নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা প্ৰসন্ন বৈশ্য জি এম চি এইছৰ লেবৰেটৰি টেকনিছিয়ান।

উল্লেখ্য যে পূৰ্বে আৰক্ষীয়ে আটক কৰিছিল নিতুল বৰ্মন নামৰ এজন দালালক। নিতুল বৰ্মনৰ ভাষ্যৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰসন্ন বৈশ্যক। উল্লেখ্য যে, জি এম চি এইছক এইসকলে চলাই আহিছিল ক’লা বেহা।

Exit mobile version