Site icon Guwahati Times

সিংহটো আহিছিল মা দুৰ্গাক ভক্ষণ কৰিবলৈ

দূৰ্গা মাৰ বাহন হৈক্ষে সিংহ, তেওঁ সিংহতে বহি নিজৰ ভক্তক দেখা দিয়ে। কিন্তু দূৰ্গা মায়ে কেনেকৈ সিংহক বাহন হিচাপে পালে ?
FB_IMG_1611452799323
পৌৰাণিক কথাত এই বিষয়ত বহলাই আছে।হিমালয়ৰ পুত্ৰী দেৱী পাৰ্ৱতীয়ে সৰু কালৰেপৰা ভগৱান শিৱক নিজৰ স্বামী হিচাপে লৈছিল। আৰু তেওঁ শিৱৰে ভক্তি আৰু আৰাধনাত বিলিন হৈ থাকিছিল।যেতিয়া মাতা পাৰ্ৱতীৰ বিবাহৰ যোগ্য হলত ভগৱান শিৱক স্বামী ৰূপে পাবলৈ এক ওখ স্থানত তপস্যা কৰিবলৈ গল।দেৱী পাৰ্ৱতীৰ তপস্যাত ভগৱান শিৱ প্ৰসন্ন হৈ তেওঁক দেখা দি তথাস্তু বুলি দেৱী পাৰ্ৱতীৰ স্বামী তেওঁৱেই হব বুলি বৰদান দিলে।
দেৱী পাৰ্ৱতী আৰু ভগৱান শিৱৰ বিয়া বহু ধুম ধামেৰে সম্পন্ন হল। বিয়াত সকলো দেৱতা মুনি শিৱগণ উপস্থিত আছিল।এবাৰ ভগৱান শিৱ আৰু মাতা পাৰ্ৱতী দুয়ো কৈলাশ পৰ্ৱতত বহি হাঁহি ধেমালিৰে কথা পাতি আছিল।মাতা পাৰ্ৱতীয়ে নিজৰ তপস্যাৰ ফলত |
ভগৱান শিৱক প্ৰাপ্ত কৰিছিল। সেই তপস্যাৰ প্ৰমাণ স্বৰূপে মাতা পাৰ্ৱতীৰ শৰীৰৰ ৰং পাতল কলা হল।ভগৱান শিৱই ধেমালিতে দেৱী পাৰ্ৱতীৰ শৰীৰৰ ৰং কলা বাবে কালী বুলিলে।দেৱী পাৰ্ৱতীয়ে ভগৱান শিৱৰ এই ধেমালী ভাল নাপালে আৰু তেওঁ ভগৱান শিৱক বেয়া পাই তেওঁৰ ওচৰৰপৰা আঁতৰি আহিলে।
দেৱী পাৰ্ৱতীয়ে কৈলাশ পৰ্ৱত এৰি আকৌ তপস্যাত মগ্ন হৈ পৰিল।সেই তপস্যাৰ মাজতে এটা ভোকত থকা সিংহ নিজৰ খাদ্য সন্ধানত সেই ঠাই পালেগৈ যত নিকি দেৱী পাৰ্ৱতীয়ে তপস্যাত লিন হৈ আছিল। তেতিয়া সিংহই পাৰ্ৱতীক দেখি নিজৰ ভোক গুচাবৰ বাবে নিজৰ আহাৰ বনাবলৈ ঠিক কৰিলে।কিন্তু সিংহই মাতা পাৰ্ৱতীক তপস্যাত মগ্ন হৈ থকা দেখি তাতে বহি ৰল আৰু তপস্যা শেষ কৰালৈকে অপেক্ষা কৰিলে।মাতা পাৰ্ৱতী তপস্যাৰ পৰা উঠাৰ অপেক্ষাত তাতে বহু বছৰ কাল গুচি গল।কিন্তু সেই সুংহটোৱে নিজৰ ঠাইৰপৰা লৰচৰ নকৰিলে। তাৰ মাজতে দেৱী পাৰ্ৱতীৰ তপস্যাত প্ৰসন্ন হৈ ভগৱান শিৱ তেওঁৰ সন্মুখত প্ৰকত হল। তেতিয়া ভগৱান শিৱই মাতা পাৰ্ৱতীক বগা হোৱাৰ বৰদান দিলে।মাতা পাৰ্ৱতীয়ে মহাদেৱে দিয়া নিৰ্দেশ অনুসাৰে দেৱী পাৰ্ৱতী গংগা নদীৰ কিনাৰলৈ গল আৰু গংগা নদীত গা ধূৱা পাচত দেৱী পাৰ্ৱতীৰ শৰীৰ বগা হল।
বগা হোৱাৰ পাছত দেৱী পাৰ্ৱতীক গৌড়ী নামেৰে জনাজাত হল। ইয়াৰ পাছত সেই সিংহটোক নিজৰ বাহন কৰিলে। যিয়ে তেওঁক নিজৰ আহাৰ কৰিবলৈ সেই ঠাইতে বছৰ ধৰি বহি থাকিল।তাৰ কাৰণ এয়া আছিল যে সেই সিংহটোৱে মাতা পাৰ্ৱতীক নিজৰ আহাৰ ৰূপে পোৱাৰ আশাত বছৰ ধৰি তেওঁক চাই ধ্যান লগাই বহি আছিল।তথা সিংহটো মাতা পাৰ্ৱতীৰ তপস্যাৰ এক অংশিদাৰ হৈ ৰৈছিল।আৰু দেৱী মায়েও সিংহটোক নিজৰ তপস্যাৰ অংশিদাৰ মানিলে। তথা সিংহটোৰ তপস্যাত প্ৰসন্ন হৈ সেই সিংহটোক নিজৰ সেৱাত ৰাখিলে।তেতিয়াৰপৰাই সিংহ হৈ পৰিল দেৱী মাৰ বাহন।
জয় মা দুৰ্গা…

Exit mobile version