পাঠশালাত গোলাঘাটৰ ছাত্রীৰ আত্মহত্যা

0 min read

পাঠশালাত শনিবাৰে নিশা এগৰাকী ছাত্রীয়ে চিপ লৈ আত্মহত্যা কৰে৷ গোলাঘাট নিৱাসী তথা সম্প্রতি পাঠশালা প্রগতি নগৰত পৰিয়ালৰ লোকৰ সৈতে ভাৰাতীয়া হিচাপে বসবাস কৰি থকা বজালী ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রী ৰূপালী নাথৰ মৃতদেহ বাথৰুমত চিপ লৈ থকা অৱস্থাত যোৱানিশা আৰক্ষীয়ে উদ্ধাৰ কৰে৷ ওচৰ–চুবুৰীয়াই ঘটনাটো সম্পর্কত আৰক্ষীক অৱগত কৰাৰ পাছতে পাঠশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চিপ লৈ থকা অৱস্থাত ছাত্রীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি নিশাই আৰক্ষী চকীলৈ লৈ যায়৷

আৰক্ষীয়ে দেওবাৰে পুৱাৰ ভাগত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্রেৰণ কৰে৷ ছাত্রীগৰাকীৰ আত্মহত্যাৰ কাৰণ এই মুহূর্তলৈ স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You May Also Like

More From Author