Site icon Guwahati Times

ট্রিপল মাৰ্ডাৰঃ নাজিবুৰৰ মাতৃ-ভাতৃক আটক আৰক্ষীৰ

গোলাঘাটৰ ট্রিপল মাৰ্ডাৰত জড়িত নাজিবুৰ ৰহমানৰ ভাতৃ আৰু মাতৃক আটক কৰিছে আৰক্ষীয়ে। নাজিবুৰৰ জ্যেষ্ঠ ভাতৃ হিজবুল ৰহমান আৰু মাতৃক সোধাপোছাৰ বাবে আৰক্ষীয়ে বৃহস্পতিবাৰৰ সন্ধিয়া আটক কৰে।

আত্মগোপন কৰি থকা অৱস্থাত গোলাঘাট আটক কৰে দুয়োকে। দেৱেৰাপাৰ আৰক্ষীৰ সহযোগত দুয়োকে আটক কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী।

উল্লেখ্য বুধবাৰে গোলাঘাটত নাজিবুৰ ৰহমান নামৰ যুৱকজনে নৃশংসভাবে হত্যা কৰিছিল পত্নী, শাহু-শহুৰক। মৃত্যুক আঁকোৱালি লোৱা তিনিওজন ক্ৰমে সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘমিত্ৰা ঘোষ। সংঘমিত্ৰা ঘোষৰ ভগ্নী অংকিতা ঘোষৰ ভাষ্যৰ ভিত্তিতেই নাজিবুৰৰ মাতৃ-ভাতৃক গোলাঘাট আৰক্ষীয়ে আটক কৰে।

Exit mobile version