Site icon Guwahati Times

সাৱধান! গোলাঘাটৰ বোৱাৰীৰ লিংক বিচাৰি থকাসকল, এইটো ধাৰাত হ’ব পাৰে কাৰাদণ্ড

আপুনি জনা প্ৰয়োজন যে পৰ্ণ শ্বেয়াৰ কৰাটো অবৈধ। ভাৰতত পৰ্ণ শ্বেয়াৰ/ডিষ্ট্ৰিবিউচন কৰাটো এটা অপৰাধ। আই পি চিৰ ২৯৩ ধাৰা অনুসৰি ২০ বছৰৰ তলৰ যিকোনো ব্যক্তিক অশ্লীল বস্তু বিক্ৰী, বিতৰণ, প্ৰদৰ্শন বা চক্ৰান্তমূলক অশ্লীল বস্তু বিক্ৰী কৰাটো অবৈধ বুলি কোৱা হৈছে, আৰু ২৯৪ ধাৰাত যিকোনো ৰাজহুৱা স্থানত যিকোনো অশ্লীল কাম কৰা বা অশ্লীল গীত গোৱাটো অপৰাধ বুলি কোৱা হৈছে।

ইয়াৰোপৰি পৰ্ণোগ্ৰাফিক সামগ্ৰী বিক্ৰী আৰু বিতৰণতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। ১৮৬০ ৰ পৰাই ভাৰতীয় দণ্ডবিধিৰ ধাৰা 292-ৰ অধীনত, যিকোনো অশ্লীল ছবি, পেইণ্টিং, লিখনি, কিতাপ, পত্ৰিকা বা অংকন প্ৰচাৰ, আমদানি বা ৰপ্তানি, বিক্ৰী, বিতৰণ, প্ৰদৰ্শন কৰাটো দণ্ডনীয়। ইয়াৰ অধিনত অভিযুক্তক শাস্তি দিব পাৰি। প্ৰথম দোষী সাব্যস্ত হলে ২ বছৰলৈকে কাৰাবাস আৰু ২০০০ টকা লৈকে জৰিমনা হয়। ইপিনে পৰৱৰ্তী সময়ত ইয়াক ৫ বছৰলৈকে আৰু ৫০০০ টকালৈকে জৰিমনা বৃদ্ধি কৰা হৈছে।

Exit mobile version