বিয়া সকলোৰে বাবে এক বিশেষ মুহূৰ্ত। এই মুহূৰ্তটো অধিক বিশেষ কৰি তুলিবলৈ, কইনাই বিয়াখনত আটাইতকৈ ধুনীয়া দেখাৰ সপোন দেখে। একে সময়তে, পৰম্পৰা আৰু জনজাতি অনুযায়ী বিয়াৰ কইনাৰ পোছাক বেলেগ বেলেগ ৰঙৰ হয়।
প্ৰতিগৰাকী কইনাই নিজৰ বিবাহৰ পোছাকযোৰ স্মৰণীয় হোৱাটো বিচাৰে। ইয়াৰ বাবে, কইনাই বিয়াত নিজৰ পোছাকজোৰৰ বাবে যথেষ্ট ধন ব্যয় কৰে। ঠিক এনে এগৰাকী কইনাই আছে যিয়ে বিয়াত ২৪ কেৰেটৰ সোণৰ পোছাক পিন্ধি বিবাহ পাশত আৱদ্ধ হৈছে। যিয়ে তেওঁক যথেষ্ট সৌন্দর্য বৰ্ধন কৰিছে।

কইনাগৰাকীয়ে কৈছে যে, “মই সদায় এখন সুন্দৰ আৰু বিশেষ বিবাহৰ পোছাকৰ সপোন দেখি আহিছোঁ। মোৰ শাহুৱে মোক এনে ধৰণৰ পোছাক বাচনি কৰাৰ বাবে যথেষ্ট অনুপ্ৰাণিত কৰিছে।”
সৌন্দ্ৰই কঠোৰ পৰিশ্ৰম কৰি এই পোছাকযোৰ ডিজাইন কৰিবলৈ মন দিয়ে। একে সময়তে, যেতিয়া কইনাই এই পোছাকযোৰ পিন্ধি বিবাহ মণ্ডপলৈ আহে, উপস্থিত থকা সকলো মানুহ আচৰিত হৈ পৰে।

