Site icon Guwahati Times

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ:প্ৰতিমাহত লাভ কৰিব পাৰিব ৪৫০০ টকা

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ।যদি চৰকাৰী কৰ্মচাৰীসকলে এতিয়াও ২০২০–২১ শিক্ষা বৰ্ষৰ বাবে টকা ক্লেইম কৰা নাই তেন্তে এতিয়া ক্লেইম কৰি ৪৫০০ টকাকৈ প্ৰতিমাহত লাভ কৰিব পাৰিব।

ক’ভিড–১৯ লকডাউনৰ বাবে বহু সংখ্যক চৰকাৰী কৰ্মচাৰীয়ে এডুকেচন এলাউঞ্চ ক্লেইম কৰিব পৰা নাছিল।কেন্দ্ৰীয় চৰকাৰে এই ক্লেইম কৰাৰ বাবে ডাঙৰ স্বস্তি দিছে।২৫ লাখ কৰ্মচাৰীয়ে নিজেই নিজৰ ক্লেইম চাৰ্টিফাই কৰিব পাৰিব।

কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলে দুটা শিশুৰ বাবে এই খৰচ লাভ কৰে।প্ৰতিটো শিশুৰ হিচাপত ২,২৫০ টকাকৈ পোৱা যাব।দুটি সন্তান থাকিলে চৰকাৰী কৰ্মচাৰীয়ে মাহত অতিৰিক্ত ৪৫০০ টকাকৈ বেতন লাভ কৰিব।

এডুকেচন এলাউঞ্চ ক্লেইম সম্পৰ্কীয় কৰ্মচাৰীসকলে ছেল্ফ চাৰ্টিফাইডৰ উপৰি ফলাফল, ৰিপ’ৰ্ট কাৰ্ড, ফী পেমেণ্ট, ই-মেইল, এছএমএছৰ প্ৰিণ্টআউটৰ দ্বাৰাও এই ক্লেইম কৰিব পাৰিব।

Exit mobile version