শনিবাৰে দুপৰীয়াৰ ভাগত মহানগৰী নাৰেংগীত থকা ৰেল লাইনত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নাৰেংগীৰ সেনা শিবিৰৰ যোৱা WDG4-70115 নম্বৰৰ এখন মালবাহি ট্ৰেইনৰ ছয়টাকৈ ডবা লাইনচ্যুত হোৱাত অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।
জানিব পৰা মতে বহিঃ ৰাজ্যৰ পৰা সাতগাঁওস্থিত ভাৰতীয় সেনা চাউনিলৈ খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী কাঢ়িয়াই অনা মালবাহী ৰে’ল এখনৰ ছয়টা ডবা নাৰেংগী কলংপাৰ বজাৰত থকা ৰে’লৱে ক্ৰছিঙত লাইনচ্যুত হয়। ফলত অঞ্চলটোত থকা ৰাইজৰ মাজত হুৱা-দুৱা লাগে।
দুঘণ্টা মানৰ অন্তত ৰে’ল বিভাগৰ লোক উপস্থিত হৈ লাইনচ্যুত নোহোৱা ডবাকেইটা সংযোগ বিছিন্ন কৰি নাৰেংগী ষ্টেচনলৈ লৈ যায় । আবদ্ধ হৈ থকা মূল পথটি মুক্ত কৰে যদিও লাইনচ্যুত হোৱা ডবাকেইটা তেনেকৈয়ে ৰে’ল লাইনতে আছিল। ৰে’ল বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি বিশেষজ্ঞ দল ঘটনাস্থলীত উপস্থিত হৈ হে লাইনচ্যুত ৰে’ল ডবাকেইটা তাৰ পৰা আঁতৰাব পাৰিব।
স্থানীয় লোকৰ অভিযোগ নাৰেংগীৰ পৰা সাতগাঁওলৈ যোৱা পথছোৱা বহু বছৰ ধৰি মেৰামতি কৰা নাই। যাৰ ফলত আজি এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে। তদুপৰি দিনৰ ১ বজাৰ লগে লগে সান্ধ্য আইনৰ কৱলত পৰা অঞ্চলছোৱাত দিনৰ ১২ বজাৰ পৰা প্রায় ২ বজালৈ যান-বাহন আবদ্ধ হৈ থাকিব লগীয়া হোৱাত স্বাভাৱিকতে অশ্ব স্তিত ভুগিব লগা হয় সাধাৰণ ৰাইজে।