Site icon Guwahati Times

ৰৌতাত গোর্খা ছাত্র সন্থাৰ নতুন সমিতি গঠন

সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ৰৌতা আঞ্চলিক সমিতিৰ  ৩১ আগষ্টত ৰৌতা ষ্টেচন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত  এখন  প্ৰতিনিধি  সভা অনুষ্ঠিত হৈ যায় । এই প্ৰতিনিধি সভা উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ গোর্খা সন্মিলনৰ সম্পাদক লক্ষ্মী চেড়াইয়ে। ৰৌতা আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰণৱ শৰ্ম্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যোৱা সভাত প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক মহেন্দ্ৰ ভেটুৱালে । সভাত পর্যবেক্ষক হিচাপে   ওদালগুৰি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক উমেশ চেত্ৰী আৰু শিক্ষা সম্পাদক দুৰ্গা বস্নেত লগতে তথ্য  সম্পাদক কিশোৰ কাশ্যপৰ  উপস্থিতিত প্ৰতিনিধি সভাই আগন্তুক কাৰ্যকালৰ বাবে মহেন্দ্ৰ ভেটুৱালক সভাপতি আৰু বুদ্ধিমান ছেত্ৰীক সাধাৰণ সম্পাদক  হিচাপে  লৈ  মুঠ  ৩৭  জনীয়াকৈ  সমিতি গঠন কৰে । সভাত মুখ্য  অতিথি হিচাপে ওদালগুৰি জিলা গোর্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ সোনাৰ, সম্পাদক সঞ্জীৱ খতিওৰা, সাংগঠনিক সম্পাদক বিকাশ ভট্টৰাই প্ৰমুখ্যে সংগঠনটোৰ  কেইবাগৰাকী ছাত্ৰনেতা উপস্থিত আছিল ।

Exit mobile version