গোঁসাইগাঁৱত নবগঠিত ডিজিটেল মিডিয়া প্রেছ ক্লাৱৰ শপত গ্ৰহণ

1 min read

শ্রীৰামপুৰ, ২৮ফেব্ৰুৱাৰী: কোকৰাঝাৰ জিলা ৰ গোঁসাইগাঁৱত সদ্যহতে নিউজ প’ৰ্টেলৰ সাংবাদিক সকলে গোঁসাইগাঁৱ ডিজিটেল মিডিয়া প্রেছ ক্লাৱ নামাকৰণ কৰি এটি সংগঠনৰ জন্ম দিয়ে। প’ৰ্টেলৰ সাংবাদিক ৰফিকুল ইছলামক সভাপতি আৰু দানছাৰাং ব্রহ্মক সাধাৰণ সম্পাদক হিচাপে লৈএগাৰ জনীয়া সদস্য সম্বলিত  গঠন কৰা ডিজিটেল প্রেছ ক্লাৱৰ বিষয়ব্বীয়া আৰু সদস্য সকলে আজি দিনৰ এগাৰ বজাত গোঁসাইগাঁৱ কৃষি বিজ্ঞান কেন্দ্ৰৰ আবৰ্ত্ত ভৱনত এখন শপত গ্ৰহণ সমাৰোহৰ আয়োজন কৰে ।

উক্ত সভাত সভাপতিত্ব কৰে গোঁসাইগাঁৱ প্রেছ ক্লাৱৰ উপ সভাপতি তথা দৈনিক অগ্রদূতৰ সাংবাদিক শংকৰ চৌধুৰী। মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে গোঁসাইগাঁৱ বিএড কলেজৰ অধক্ষ্য ড:অজিত বড়োই। উক্ত প্রেছ ক্লাৱে যুগুতোৱা কাৰ্যসূচী মতে,মুখ্য অতিথি অজিত বড়ো বন্তি প্রজ্বলনৰ জৰিয়তে অনুষ্ঠানৰ শোভাৰম্ভ কৰে।মহকুমাৰ সবাতোকৈ জ্যেষ্ঠ সংবাদ সেৱী তথা অসমীয়া প্রতিদিনৰ শ্রীৰামপুৰৰ প্রতিনিধি জ্যোতি প্ৰকাশ তালুকদাৰ নৱগঠিত ডিজিটেল মিডিয়া প্রেছ ক্লাৱৰ “প্রতীক” আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। ইয়াৰ পিছত উদ্দেশ্য ব্যাখ্যা কৰে প্রেছ ক্লাৱৰ নব নিৰ্বাচিত সভাপতি ৰকিফুল ইছলামে। তেওঁ প’ৰ্টেলৰ সাংবাদিক সকলক ঐক্যবদ্ধ কৰি সংগঠনৰ জন্ম দিয়াৰ বিষয়ে বিস্তাৰিত আলোচনা কৰে।বৰ্তমান মানুহৰ মাজত ক্রম বৰ্ধমান ছ’চিয়েল মিডিয়াৰ চাহিদা বৃদ্ধি পোৱাৰ বিষয় বক্তব্যত প্রকাশ কৰে। ইয়াৰ পিছত হালাকুৰা কলেজৰ প্রবক্তা প্রাক্তন সাংবাদিক আশ্রাফুল আলম ডিজিটেল মিডিয়াৰ কৰ্ম কৰ্তা তথা সদস্য সকলক শপত বাক্য পাঠ কৰায়।পৰবৰ্ত্তী কাৰ্যসূচী মতে, মুখ্য অতিথি অজিত বড়ো বৰ্তমান সময়ত ডিজিটেল মিডিয়াৰ প্রয়োজন আৰু চাহিদা সম্পৰ্কে দীঘলীয়া বক্তব্য ৰাখে।গৰুফেলা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া অংগৰাগ ছেত্রী সভাত যোগদান কৰি প্রদান কৰা ভাষনত যথেষ্ট বিচক্ষণ ভাৱে উপস্থিত সকলোৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

প্রবক্তা আশ্রাফুল আলম তেওঁৰ বক্তব্যত সমাজত   অন্ধবিশ্বাস ,কুসংস্কাৰ বাল্য বিবাহ আদি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মাজত অধিক বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্রকাশ কৰে। তেওঁ সভাত উপস্থিত জাতীয় সংগঠনৰ নেতৃত্ব আমছু,এবিএমছু ওচৰত  যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব লৈ দাবী জনাইছে।আনহাতে শ্রীৰামপুৰ প্রেছ ক্লাৱৰ উপদেষ্টা স্বপন কুমাৰ এস তেওঁৰ ভাষনত প্রেছ কাউন্সিল অব ইন্ডিয়াই অদ্যপি প’ৰ্টেলত কাম কৰা সকলক সাংবাদিক হিচাপে স্বীকৃতি নিদিয়াৰ বিষয়টো উনকাইদিয়ে  আজিৰ এই শপত গ্ৰহণ সমাৰোহত আক্রাছু,আমছু,এবিআমছু,আদিবাসী ছাত্ৰ সন্হা,বডো ষ্টুডেন্ট ইউনিয়ন,চাওঁতাল ছাত্ৰ সন্হা আদিৰ কৰ্ম কৰ্তা সকল উপস্থিত থকাৰ লগতে গোসাইগাঁৱ প্রেছ ক্লাৱৰ সভাপতি সম্পাদক ক্রমে হাফিজুৰ ৰহমান আৰু উৎপল দে,সহঃসম্পাদক ৰুবুল পাঠক,শ্রীৰামপুৰ প্রেছ ক্লাৱৰ সভাপতি সম্পাদক ক্রমে বিশ্বজিত চৌধুৰী আৰু অৰুন গুপ্তা,নিউজ লাইভৰ গোসাইগাঁৱৰ সাংবাদিক দুলাল চন্দ্ৰ ৰায়,তামাৰহাট প্রেছ ক্লাৱ আৰু দোতমা প্রেছ ক্লাৱৰ কৰ্ম কৰ্তা সকল উপস্থিত থাকে।

You May Also Like

More From Author