Site icon Guwahati Times

গোসাঁইগাঁৱত হস্ত তাঁত বস্ত্ৰ কেন্দ্ৰ উদ্বোধন কৰে বিটিচি’ৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে…

বিটিচি চৰকাৰৰ বড়োলেণ্ড হেণ্ডলুম মিছন’ৰ অধিনত আজি গোসাঁইগাঁৱৰ কাচিয়াবাৰীত স্বৰাং হেণ্ডলুম এন্টাৰপ্ৰাইজ” নামেৰে এটি হস্ত তাঁত বস্ত্ৰ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে বিটিচি’ৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে। কেন্দ্ৰটোৰ নতুন গৃহ উদ্বোধনী কাৰ্য্যসূচীত বিধায়ক জিৰণ বসুমতাৰী, কাৰ্য্যবাহী সদস্য ৰেওৰেৱা নাৰ্জীহাৰীৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ৰাজ্যিক সঞ্চালিকা ৰঞ্জনা বৰুৱা প্ৰমূখ্যে বিভাগীয় বিষয়া সকল উপস্থিত থাকে ৷ উল্লেখনীয় যে অঞ্চলটোৰ ১০২ গৰাকী শিপিনীৰে ২০২১ চনত গঠিত স্বৰাং হেণ্ডলুম এন্টাৰপ্ৰাইজ”ৰ বোৱাকটাৰ জৰিয়তে প্ৰস্তুত কৰা জনগোষ্ঠীয় বস্ত্ৰ সমূহ বজাৰ বিক্ৰি কৰি স্বাৱলম্বী হব পাৰিছে ৷ পূৰ্বতে কাচিয়াবাৰীস্থিত ৰাজহুৱা প্ৰক্ষে গৃহত তিনি খন তাঁত শালেৰে কাপোৰ বোৱাকটা কৰিছিল যদিও শেহতীাকৈ বিটিচি’ৰ চৰকাৰ বড়োলেণ্ড হেণ্ডলুম মিছন’ৰ পৰা কেন্দ্ৰটো স্থাপন কৰি ৩০ খন তাঁত শাল যোগান ধৰা সম্প্ৰতি অধিক উৎপাদন মূখী হবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে বিভাগীয় কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে ৷

Exit mobile version