Site icon Guwahati Times

গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাজা জব্দ; এজনক আটক

গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত গোসাইগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া হীৰেন ডেকাৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই এখন খালি এখন টেইলাৰ ট্ৰাক আটক কৰি তালাচী চলোৱাৰ পিছত গাঞ্জা উদ্ধাৰ হয়। টেইলাৰ ট্ৰাকৰ চেছিছত লুকাই আনিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জাৰ পেকেট সমূহ। মুঠ ২২৩ টা প্ৰকাণ্ড প্ৰকাণ্ড গাঞ্জাৰ পেকেট লুকুৱাই আনিছিল বাহন খনত অসমৰ বুকুৱেদি পশ্চিমবংগৰ কোনো ৰাজ্যত সৰবৰাহ চেষ্টা চলাইছিল এই বৃহৎ পৰিমাণৰ গাঞ্জা খিনি । আনহাতে আৰক্ষীয়ে টেইলাৰ চালক অজয় সাহানিক গ্ৰেপ্তাৰ কৰি অধিক তদন্ত জাৰী ৰাখিছে । জানিব পৰা মতে চালক গৰাকীৰ ঘৰ বিহাৰত চোৰাং কৈ গাঞ্জা সৰবৰাহ কৰা টেইলাৰৰ নম্বৰ আছিল NL01G8534 ।

Exit mobile version