গোসাঁইগাৱৰ টকেয়ামাৰীত যুৱতীৰ আত্মহত্যাকলৈ চাঞ্চল্য

0 min read

গোসাঁইগাওঁ মহকুমাৰ টকেয়ামাৰী গাৱঁৰ এগৰাকী কম বয়সীয়া যুৱতীয়ে সোমবাৰে দিনদুপৰতে চিপলৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৷ গাওঁ খনৰ দৰিদ্ৰ পৰিয়ালৰ জয়ৰী আজিমা খাতুনৰ মৃতদেহ ৰহস্য জনক ভাৱে নিজ গৃহৰ পিছফালে থকা বাহঁ গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ৷ ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে লৈ আহে যদিও যুৱতী গৰাকীয়ে আত্ম হত্যাৰ দৰে চৰম সিদ্ধান্ত লোৱাৰ আৰত প্ৰকৃত ৰহস্য কি সেই সম্পৰ্কে কোনো তথ্য সদৰি কৰা নাই ৷ আনহাতে একাংশ ৰাইজে যুৱতী গৰাকী য়ে প্ৰেম জনিত কাৰনত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লবলৈ বাধ্য হোৱা বুলি অভিযোগ কৰিছে ৷ সুত্ৰটোৱে উল্লেখ কৰা মতে যুৱতী গৰাকীৰ লগত এগৰাকী বিবাহিত পুৰষৰ নিবিৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু যোৱা নিশা যুৱতী গৰাকীৰ ঘৰত যুৱক জন অহাৰ পিছত স্থানীয় ৰাইজে যুৱক জনক আৱদ্ধ কৰি অকথ্য শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে ধন দাবী কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতে যুৱতী গৰাকীয়ে যথেষ্ট লজ্জা বোধ কৰে আৰু মানসীক ভাৱে ভাঙি পৰাত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰিছে ৷ উক্ত ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷

You May Also Like

More From Author