Site icon Guwahati Times

গোসাঁইগাঁৱত পাৰিবাৰিক অশান্তিৰ বাবে ৰেলৰ আগত জপিয়াই এজনৰ আত্মহত্যা

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ গুয়াবাৰীত আজি দিনৰ বাৰ মান বজাত এগৰাকী যুৱকে ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰাৰ ঘটনাই গুয়াবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত বাতৰি মতে গোসাঁইগাঁও থানাৰ দলগাঁওৰ বাসিন্দা প্ৰয়াত হৰিদাস ৰায়ৰ পুত্ৰ বিষ্ণু ৰায়ে(৩৪) আজি দুপৰীয়া বাৰ মান বজাত নামণিমুৱা এখন মালবাহী ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰে। পাৰিবাৰিক অশান্তিৰ বাবে এনেদৰে ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰিছে বুলি ৰেল আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে।
উল্লেখ্য যে ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰা বিষ্ণু ৰায় নামৰ লোকজন আজি পাৰিবাৰিক কাজিয়াত লিপ্ত হৈ ক্ৰোধৰ বশৱৰ্তী হোৱাত এখন চাইকেল লৈ গুৱাবাৰী অভিমুখে থকা ৰেল পথত যায়।পিছে পিছে কণমানি পুত্ৰ দেউতা দেউতা বুলি দৌৰি যায় যদিও তেনে সময়ত ৰেল এখন গৈ থাকোঁতে জপিয়াই আত্মহত্যা কৰে। ইতিমধ্যে ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাৱে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰিছে।

Exit mobile version