Site icon Guwahati Times

কংগ্ৰেছীৰ বল প্ৰয়োগ কৰি থানাৰ সুন্মুখত ই ৰিক্সা চালকক হাৰাশাস্তিৰ অভিযোগ। অসহায় গোঁসাইগাঁও আৰক্ষী।

গোঁসাইগাঁও ই-ৰিক্সা চালকক কংগ্ৰেছৰ শক্তি প্ৰয়োগ কৰি হাৰাশাস্তিৰ গুৰুতৰ অভিযোগ। গোঁসাইগাঁও সদৰ থানাৰ সন্মুখত বলপূৰ্বকভাবে ই-ৰিক্সা ৰখাই ক্ৰমিক নম্বৰত কলা ৰং সানি মুচি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় কংগ্ৰেছী নেতাৰ বিৰুদ্ধে। গোঁসাইগাঁওৰ কংগ্ৰেছী নেতা হাৰকুলিছ বাসুমাতাৰী নেতৃত্বত থানাৰ সন্মুখত বহুকেইজন যুৱকে দুখীয়া ই-ৰিক্সা চালকক এনেদৰে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে গোঁসাইগাঁও ই-ৰিক্সা উনিয়নৰ সভাপতি বিষ্ণু ৰায়ে।

সভাপতিজনে এই বিষয়ে গোঁসাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি বাইলুংওক অভিযোগ কৰে যদিও বিষয়াজনে অভিযুক্তাৰ বিৰুদ্ধে বিহীত ব্যৱস্থাৰ বিপৰীতে নীৰৱতা অবলম্ভন কৰাক লৈ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোঁসাইগাঁও ই-ৰিক্সা ইউনিয়নে। তদুপৰি দুখীয়া ৰিক্সা চালকক পৰা প্ৰশাসনৰ ধমকি দি ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ ৰিক্সা চালকে। পিছে গোঁসাইগাঁও প্ৰশাসনে সকলো কথা জানিও কিয় নীৰৱতা অৱলম্বন কৰিছে? এই প্ৰশ্নই এতিয়া সন্দেহৰ কাৰণ হৈ পৰিছে সমগ্ৰ গোঁসাইগাঁও সদৰ চহৰত।

Exit mobile version