Site icon Guwahati Times

পবিত্ৰ হজ যাত্ৰাৰ বাবে সাজু গোঁসাইগাঁৱৰ 35 গৰাকীকৈ যাত্ৰী।

আৰম্ভ হ’ল ইছলামধৰ্মীয় লোকসকলৰ পবিত্ৰ হজ যাত্ৰা। বৰঝাৰ বিমানবন্দৰৰ পৰা আন্তৰাষ্ট্ৰীয় বিমান যোগে পবিত্ৰ মদিনালৈ যাত্ৰা কৰাৰ উদ্দেশ্যে অসমৰ বহুকেইখন জিলাৰ প্ৰায় 6402 গৰাকী হজযাত্ৰী সাজু হৈছে। ৰাজ্যৰ ভিন্ন জিলাৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ পৰাও পুৰুষ মহিলাকে ধৰি ৩৫ গৰাকী যাত্ৰীৰ পবিত্ৰ মদিনালৈ যোৱাৰ প্ৰস্তুতি প্ৰায় সম্পন্নৰ। ইয়াৰে ৩০ গৰাকী পুৰুষ আৰু বাকী ৫ গৰাকী মহিলা। উক্ত কাৰ্যসূচীক কেন্দ্ৰ কৰি গোঁসাইগাঁও হজ কমিটিৰ উদ্যোগত আজি গোঁসাইগাঁও জমে মছজিতত আয়োজন কৰা হয় এখন অনুশীলনমূলক শিবিৰ। শিবিৰখনৰ মহকুমাৰ ভিন্ন প্ৰান্তৰ হজীয়ে অংশগ্ৰহণ কৰি যাত্ৰীসকলক বিশেষ সম্ভৰ্ধনা জ্ঞাপন কৰাৰ পিছমুহূৰ্তত অনুষ্ঠানিকভাৱে বিদায় দিয়ে।

Exit mobile version