Site icon Guwahati Times

গুৱাহাটীৰ বান সমস্যা দূৰ কৰাৰ বাবে GMC আৰু মহানগৰ জিলা প্ৰশাসনে ভাঙিব ৮৯ খন দলং….

বাৰিষা গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বাহিনী নৈৰ ওপৰত থকা ৮৯ খন দলং ভাঙি দিব কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ এই সন্দৰ্ভত সোমবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এখন আনুষ্ঠানিক জাননী জাৰি কৰিছে৷ জাননীত কোৱা হৈছে যে–‘এই ৮৯ খন দলঙে বাহিনী নৈৰ স্বাভাৱিক প্ৰৱাহক বাধাপ্ৰাপ্ত কৰিছে৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই উক্ত দলং সমূহ চিনাক্ত কৰি প্ৰতিবেদন দাখিল কৰিছে৷ এই প্ৰতিবেদনৰ ভিত্তিত দলংসমূহ ভাঙিবলৈ জিএমচিত নিৰ্দেশ দিয়া হৈছে৷ দলং কেইখন ভাঙি বাহিনী নৈৰ প্ৰৱাহ স্বাভাৱিক কৰিলে ৰাইজে বাৰিষা কৃত্ৰিম বানৰ সমস্যাৰ পৰা সকাহ পাব বুলি আশা কৰা হৈছে৷’ উল্লেখ্য যে হাতুৰীৰ কোব পৰিবলগীয়া এই ৮৯ খন দলঙৰ ভিতৰত দিছপুৰ, হেঙেৰাবাৰী, সুন্দৰপুৰ, জাপৰীগোগ, মানিকনগৰ, নয়নপুৰ, ডাউনটাউন সৌৰভ নগৰ আদি স্থানৰ আৰচিচি আৰু লোহৰ দলং অন্তৰ্ভুক্ত হৈছে৷

Exit mobile version