Site icon Guwahati Times

GPT-4 : চেটজিপিটিতকৈ অধিক উন্নত কৃত্রিম বুদ্ধিমত্তাধাৰী জিপিটি-৪ চেটবটৰ আত্মপ্রকাশ

সম্প্রতি আত্মপ্রকাশ কৰিয়ে আলোড়ন সৃষ্টি কৰিছিল নতুন চেটবট চেটজিপিটিয়ে। এইবাৰ চেটজিপিটিক প্ৰত্যাহ্বান জনাবলৈ সাজু হ’ল অধিক উন্নত জিপিটি-৪। অপেনএআই ৰিছাৰ্চ কোম্পানীয়ে চেটজিপিটি তৈয়াৰ কৰিছিল আৰু একেটা প্রতিষ্ঠানে জিপিটি-৪ উদ্ভাৱন কৰিলে।

কোম্পানীটোৱে জনোৱা অনুসৰি, কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিক অধিক উন্নত আৰু নিখুঁতভাৱে প্ৰয়োগ কৰি বিভিন্ন কাম-কাজ অতি কম সময়ৰ ভিতৰত সমাধা কৰিবলৈ সক্ষম জিপিটি-৪।

এই চেটবটে যিকোনো প্রশ্নৰ উত্তৰ অতি দ্রুতগতিৰে দিবলৈ সক্ষম। বিশেষকৈ শিক্ষা আৰু পেছাৰ ক্ষেত্ৰত মানুহৰ দৰেই বুদ্ধিমত্তাধাৰী জিপিটি-৪।

প্রসংগত উল্লেখ্য যে কিছুদিন পূর্বে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউপিএছচি)ৰ পৰীক্ষাত মাত্র ৩০ শতাংশ নম্বৰ লাভ কৰিছিল চেটবটে। পৰীক্ষাত ব্যৰ্থ হোৱাত চেটজিপিটি যথেষ্ট সমালে চিত হৈছিল।

কিন্তু অপেনএআয়ে দাবী কৰা অনুসৰি, জিপিটি-৪ কোনো ক্ষেত্ৰতে পৰাভূত কৰা সহজ নহ’ব। চেটজিপিটিয়ে কেৱল টেক্সট মেছেজ গ্ৰহণ কৰি উত্তৰ দিয়ে, কিন্তু জিপিটি-৪য়ে টেক্সট আৰু ছবি উভয় গ্ৰহণ কৰি প্রয়োজনীয় উত্তৰ অতি কম সময়ত দিবলৈ সক্ষম।

কোনো ছবি আপলোড কৰিলে সেই ছবিৰ সংক্ৰান্তত তথ্য, শিৰোনামা আদি প্ৰস্তুত কৰি দিব পাৰিব জিপিটি-৪য়ে। তদুপৰি সকলো নথিপত্ৰৰ টেক্সটৰ লগতে ৰেখা চিত্ৰ আদি থাকিলে ইয়াৰ বিশ্লেষণ দিবলৈও জিপিটি-৪ সদা প্রস্তুত।

অৱশ্যে এই ফিচাৰ সম্প্ৰতি পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছে। জিপিটি-৪ত একেলগে ২৫ হেজাৰ শব্দ ব্যৱহাৰ কৰিব পাৰিব। কোনো ব্যৱহাৰকাৰীৰ লেখাৰ ধৰণ নকল কৰিবলৈকো সক্ষম হ’ব জিপিটি-৪। আনকি গীত এটাও সুন্দৰভাৱে জিপিটি-৪য়ে লিখিব পাৰিব।

Exit mobile version