23.6 C
Assam
Sunday, September 25, 2022

Featured News

মানৱতাৰ জয়গানেৰে মহানগৰীৰ পদপথৰ অঘৰী লোকৰ কাষত থিয় হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ

Assamese Newsমানৱতাৰ জয়গানেৰে মহানগৰীৰ পদপথৰ অঘৰী লোকৰ কাষত থিয় হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” গীতটিৰ মহান বাণীৰে ঐতিহাসিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটাকৈ আৱাসৰ আৱাসীসকলৰ মানৱতাৰ নিদৰ্শন। মৰমৰ এসাঁজ ভাত  উপস্থিত হ’ল পদপথৰ অঘৰী লোকৰ কাষত। বিশ্ববিদ্যালয়ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হিৰ ৮ নং ছাত্ৰাৱাস আৰু কনকলতা বৰুৱা ৭ নং তিনিমহলীয়া ছাত্ৰী নিৱাসৰ উদ্যোগত এই কাৰ্যসূচী।

জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ শুক্লেশ্বৰ ঘাট আৰু গুৱহাটী ৰে’লৱে ষ্টেচনৰ পদপথত বাস কৰা লোকসকলৰ বাবে দুয়োটা আৱাসৰ আৱাসীসকলে দিনৰ আহাৰৰ যোগান ধৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৱাস দুটাৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে। উল্লেখ্য যে, আৱাসীসকলৰ এনে কাৰ্য এইয়াই প্ৰথম নহয়। বিগত ময়ছোৱাত আৱাস দুটাৰ আৱাসীসকলে মানৱ সেৱাৰ অৰ্থে কৰি আহিছে বিভিন্ন সমাজ কল্যাণমূলক কাৰ্য। বিশেষকৈ নিজা প্ৰচেষ্টাৰে জৰিয়তে ডিমা হাছাওত হোৱা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত বহুকেইটা পৰিয়ালক আৱাসীসকলে সহায় কৰিছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: