গুৱাহাটীৰ চাৰি ছবিগৃহ বন্ধঃ উর্বশী–মেঘদূত–অপ্সৰাত তলা

0 min read

কা’, ক’ৰোনাৰ লকডাউন আৰু সান্ধ্য আইনত বিধ্বস্ত হৈ পৰিল ছবিগৃহৰ ব্যৱসায়৷ ‘কা’ আন্দোলনে তীব্র ৰূপ ধাৰণ কৰাত চৰকাৰে ঘোষণা কৰা সান্ধ্য আইনৰ পৰিপ্রেক্ষিতত ৰাজ্যত লকডাউনৰ পূর্বৰে পৰা বন্ধ হৈ থকা বহু ছবিগৃহ এতিয়া বন্ধ হোৱাৰ উপক্রম হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবেই গুৱাহাটী মহানগৰীৰ চাৰিটাকৈ ছবিগৃহ চিৰদিনলৈ বন্ধ হৈ পৰিল৷ ষাঠি, সত্তৰ আৰু আশীৰ দর্শকত গুৱাহাটীত স্থাপন কৰা উর্বশী, মেঘদূত, অপ্সৰা আৰু বন্দনা ছবিগৃহকেইটা চিৰদিনৰ বাবে বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ ছবিগৃৰৰ স্বত্বাধিকাৰীয়ে বিগত প্রায় দুবছৰ ধৰি সন্মুখীন হোৱা লোকচানৰ পৰিপ্রেক্ষিতত ছবিগৃহকেইটা বন্ধ কৰিবলগীয়া হয়৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাত প্রতিমাহে চিনেমাগৃহৰ মালিকসকলে ১.৫ লাখৰ পৰা ২.৫ লাখ টকালৈকে খৰচ কৰিবলগীয়া হৈছিল৷

কর্মচাৰীৰ দৰমহা, বিদ্যুতৰ বিলকে ধৰি অন্যান্য খৰচৰ বাবদ প্রতিমাহে ছবিগৃহৰ মালিকে লাখ লাখ টকা লোকচান ভৰি পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়৷ গুৱাহাটীত থকা ১২টা ছবিগৃহৰ ভিতৰত উর্বশী, মেঘদূত, অপ্সৰা আৰু বন্দনা বন্ধ কৰি দিয়ে স্বত্বাধিকাৰীয়ে৷ ১৯৬৫ চনত স্থাপন কৰা উর্বশী, ১৯৭৪ত নুনমাটিত স্থাপন কৰা বন্দনা ছবিগৃহ, মেঘদূত আৰু অপ্সৰা ছবিগৃহ বন্ধ হৈ পৰাত অতীতৰ গর্ভত সোমাই পৰিল বহু পুৰণি স্মৃতি৷ নুনমাটিস্থিত বন্দনা ছবিগৃহৰ স্বত্বাধিকাৰীয়ে ছবিগৃহটো বন্ধ কৰি এতিয়া বিকল্প ব্যৱসায়ৰ পথৰ চিন্তা–চর্চা কৰিছে৷ বিকল্প ব্যৱসায় চলাবলৈ ইতিমধ্যে বন্দনা ছবিগৃহটো ভঙাৰ কাম আৰম্ভ কৰিছে৷ সাতজনকৈ বনুৱাই ছবিগৃহটো ভঙাৰ কাম আৰম্ভ কৰিছে৷ উক্ত স্থানত কি ব্যৱসায় আৰম্ভ কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও নুনমাটিৰ বন্দনা ছবিগৃহত বিশাল শ্বপিং মল নির্মাণ হোৱাৰ সম্ভাৱনাৰ কথা ছবিগৃহৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিছে৷

You May Also Like

More From Author