Site icon Guwahati Times

Guwahati Double Murder: শংকৰী দেৰ মুণ্ড আৰু দুয়োখন হাত উদ্ধাৰ কৰিব পৰা নাই!

গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ ঘটনাৰ তদন্ত অব্যাহত আছে (Guwahati Double Murder)। তিনি হত্যাকাৰী বন্দনা কলিতা, ধনজিৎ ডেকা আৰু অৰূপ দাসক লৈ মেঘালয়ত আৰক্ষীয়ে চলাইছে অভিযান। ইতিমধ্যে আৰক্ষীয়ে বন্দনা কলিতাৰ শাহুৱেক শংকৰী দে’ৰ ক্ষত–বিক্ষত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চেৰাপুঞ্জীৰ সমীপৰ পৰা উদ্ধাৰ কৰিছে শংকৰী দে’ৰ মৃতদেহ। নীলা পলিথিনৰ পেকেটত মেৰিয়াই দলিয়াইছিল মৃতদেহটো। লগত আছিল কম্বল আৰু অন্য কাপোৰ। শংকৰী দেৰ মুণ্ড আৰু দুয়োখন হাত উদ্ধাৰ কৰিব পৰা নাই।

উল্লেখযোগ্য যে ৩ খন গাড়ীৰে বন্দনা কলিতা, ধনজিৎ ডেকা আৰু অৰূপ ডেকাক লগত লৈ আৰক্ষীৰ এটা বৃহৎ দলে চলায় অভিযান। এতিয়াও উদ্ধাৰ হোৱা নাই বন্দনাৰ স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহ। কাইলৈ অমৰজ্যোতিৰ মৃতদেহ বিচাৰি পুনৰ অভিযান চলাব ডাউকীত।

Exit mobile version