Site icon Guwahati Times

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …

guwahati gang rape in temple

guwahati gang rape in temple

জঘন্যতাৰ সীমা পাৰ, গুৱাহাটীত মন্দিৰ প্ৰাংগনতেই ৯ যুৱকে এগৰাকী যুৱতীৰ সৈতে …

মহানগৰীত সংঘটিত হৈছে এক অতিকে জঘন্য কাণ্ড। ৯ জনকৈ পাষণ্ড যুৱকৰ কামনাৰ বলি এগৰাকী যুৱতী। কেৱল ধৰ্ষণ কৰাই নহয়, ভিডিঅ বনাই অত্যাচাৰো চলালে যুৱতীৰ সৈতে। লগতে সামাজিক মাধ্যমতো ভাইৰেল কৰিলে সেই ভিডিঅ।

গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এই পাশবিকতাৰ সীমা চেৰাই যোৱা ধৰ্ষণ কাণ্ডৰ ঘটনা। ৯ জনকৈ যুৱকে ধৰ্ষণ কৰিলে এগৰাকী যুৱতীক।

পাছে আজি বা কালি নহয়, আজিৰ পৰা পাছ দিন পূৰ্বেই সংঘটিত হৈছে এই পাশবিক ঘটনা। বৰাগাঁও নিজৰা পাৰৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনতে নিশা সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড।

সেই ধৰ্ষণ কাণ্ডৰ পাছতে যুৱক কেইজনে সামাজিক মাধ্যমত ভাইৰেল কৰি দিছিল ভিডিঅ’, ভিডিঅ’ ভাইৰেল হৈ যোৱাৰ পাছতহে পোহৰলৈ আহে এই ঘটনা।

ভাইৰেল ভিডিঅ’ৰ ভিত্তিত বৰাগাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত গড়চুক আৰক্ষীয়ে আটক কৰিছে এতিয়ালৈ ছয় জনক । বৰ্তমানো মুকলি আকাশৰ তলত তিনি মূল অভিযুক্ত লগতে ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰবীন দাস, দীপাংকৰ আৰু কৃষ্ণ ।

আনহাতে এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বৰ্বৰ কাণ্ডৰ বলি হোৱা ভুক্তভোগী যুৱতীৰগৰাকী। কিন্তু নিশাৰ ভাগত অকলশৰে বৰাগাঁৱত কৰ পৰা আহিল যুৱতীগৰাকী তাক লৈয়ো অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ।

ঘটনা সন্দৰ্ভত এই পৰ্যন্ত গড়চুক আৰক্ষী থানাত ধৰ্ষণৰ কোনো গোচৰ ৰুজু হোৱা নাই যদিও ভাইৰেল ভিডিঅ’ ত থকা যুৱককেইজন বৰাগাঁৱৰে বুলি নিশ্চিত কৰিছে একাংশ লোকে।

আটক কৰা যুৱক কেইজন ক্ৰমে কুলদ্বীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ। আন হাতে আন তিনি অভিযুক্তৰ সন্ধানত নামি পৰিছে আৰক্ষী।

Exit mobile version