Site icon Guwahati Times

গুৱাহাটীৰ পাহাৰৰ গছ কাটি থকাৰ সময়তে মাটি খহি পৰাত মৃত্যু মহিলা শ্ৰমিকৰ

নুনমাটিত পাহাৰ খহি মহিলা শ্ৰমিকৰ মৃত্যু। তাৰা বানু বেগম নামৰ মহিলা শ্ৰমিকগৰাকীৰ পাহাৰৰ মাটি খহাত পোত গৈ মৃত্যুমুখত পৰে। তাৰা বানুৰ ঘৰ নুনমাটি আনন্দ নগৰত বুলি জানিব পৰা গৈছে। নুনমাটিৰ সৃষ্টি নগৰৰ ৩৪ নং ভিলাৰ ওচৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।

ভূমিস্খলনৰ পিছত লগে লগে উদ্ধাৰ কৰি অচেতন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক। কিন্তু চিকিত্‍সকে মৃত ঘোষণা কৰে। পাহাৰৰ গছ কাটি থকাৰ সময়তে এই অঘটন হয়। পাহাৰৰ মাটিয়ে হেঁচা মাৰি ধৰিছিল ৩ শ্ৰমিকক। ইয়াৰে দুগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

Exit mobile version