দেওবাৰৰ নিশাৰ পৰা গুৱাহাটীত সম্পূৰ্ণ লকডাউন ঘোষণা

1 min read

গুৱাহাটী: দেওবাৰৰ পৰা লকডাউন ঘোষণা কৰা হৈছে।দেওবাৰৰ পৰা ১৪ দিনৰ বাবে লকডাউন ঘোষণা।দেওবাৰৰ নিশা ১২-৩০ বজাৰ পৰা লকডাউন আৰম্ভ হ’ব।

এইবাৰ লকডাউন পূৰ্বতকৈ অধিক কঠোৰ হ’ব।ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে।

এই সময়ছোৱাত ফাৰ্মাচিৰ বাহিৰে সকলো বন্ধ থাকিব।

চৰকাৰী বিষয়াও বিনা কাৰণত ৰাস্তাত ওলাই আহিব নোৱাৰিব।সুৰাৰ বিপণীসমূহ বন্ধ ৰখাৰ নিৰ্দেশ।

আনহাতে, বিদ্যুৎ,হাস্পতাল,এম্বুলেন্স, পানী যোগান আদি সেৱা বৰ্তি থাকিব৷

পেট্ৰ’ল পাম্পৰ লগতে কিছু ব্যক্তিগত প্ৰতিষ্ঠান খোলা থাকিব।আৰক্ষী, প্ৰতিৰক্ষা, অৰ্ধ সামৰিক বাহিনীক লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে।

উল্লেখযোগ্য যে,লকডাউনত পূৰ্বতকৈ কঠোৰ গাইড লাইন জাৰি কৰা হৈছে।

লকডাউন বলৱৎ হোৱা অঞ্চলত সকলো ব্যৱসায়-বাণিজ্যকে ধৰি চৰকাৰী অফিচ আদি সকলো বন্ধ থাকিব৷লকডাউন ঘোষণা কৰা অঞ্চলত অন্তেষ্টিক্ৰিয়াত ২০জনতকৈ অধিক লোক থাকিব নোৱাৰিব৷

সকলোধৰণৰ বাণিজ্যিক কাৰ্য-কলাপ সম্পূৰ্ণৰূপে বন্ধ থাকিব লাগিব৷

শিক্ষানুষ্ঠান বন্ধৰ লগে ধাৰ্মিক পৰম্পৰাগত অনুষ্ঠান সম্পূৰ্ণৰূপে বাতিল কৰিব লাগিব৷

মাস্ক পৰিধান নকৰিলে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব৷ৰাজহুৱা সকলো অনুষ্ঠান আৰু সমাৱেশত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।ৰাজহুৱা স্থানত পিক পেলোৱাটো দণ্ডনীয় অপৰাধ ৰূপে গণ্য কৰা হ’ব।

You May Also Like

More From Author