Site icon Guwahati Times

গণেশগুৰিৰ স্পা-চেলুনত ১০০০-১৫০০ টকাত বিক্ৰী হৈছে যুৱতীৰ দেহ!

বডী মাছাজৰ নামত মহানগৰীৰ পাৰ্লাৰত অব্যাহত নাৰী দেহ ব্যৱসায়। গণেশগুৰিৰ ‘কিমছ স্পা চেলুন’ত এহেজাৰ-পোন্ধৰশ টকাত বিক্ৰী হৈছে যুৱতীৰ দেহ। চকু মুদা কুলিৰ ভাৱত দিছপুৰ আৰক্ষী।

ইয়াৰ পূৰ্বে জিএমচি আৰু দিছপুৰ আৰক্ষীয়ে অভিযান চলাই কেইবাখনো স্পা-পাৰ্লাৰত অসত কামত লিপ্ত থকাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু তাৰপাছত যেন পুনৰ একেই অৱস্থা। পুনৰ আৰম্ভ হ’ল যৌনতাৰ বেহা। এক কথাত কবলৈ গলে সেয়া আছিল আৰক্ষী আৰু দেহ বেপাৰীৰ মাজৰ এখন সম্পূৰ্ণ নাটক।

দেখাত মাথো মাছাজ চেণ্টাৰ, ভিতৰত গোপন কোঠাত চলে যুৱতীৰ দেহৰ দৰ-দাম।
মহানগৰীৰ ইউনিচেক্স পাৰ্লাৰত এতিয়াও বিক্ৰী হয় সুন্দৰীৰ যৌৱন। এহাজাৰ-পোন্ধৰশ টকাত বিক্ৰী হয় দেহ।

গণেশগুৰিৰ ‘কিমছ স্পা চেলুন’ৰতো একেই ঘটনা। সচেতন যুৱকৰ কেমেৰাত বন্দী  গণেশগুৰিৰ ‘কিমছ স্পা চেলুন’ৰ বন্ধ কোঠাৰ ভয়ংকৰ দৃশ্য।

কিন্তু সকলোতকৈ আচৰিত কথাটো হল এই বেহাৰ নিয়মীয়া গ্ৰাহক হৈছে একাংশ স্কুল-কলেজৰ ছাত্ৰ।

Attention দিছপুৰ আৰক্ষী। আপোনাৰ জ্ঞাতে-অজ্ঞাতেই আপোনালোকৰ থানাৰ কাষতে চলি আছে এই বেহা। আমি এই খবৰ সত্যনিষ্ঠভাৱে সকলোকে অৱগত কৰাই আমাৰ দায়িত্ব পালন কৰিলোঁ। ইয়াৰ পাছৰ দায়িত্ব আপোনালোকৰ। গতিকে ইয়াৰ পাছত কি ব্যৱস্থা লব সেয়া হে হব লক্ষণীয়।

Exit mobile version