Site icon Guwahati Times

নিজকে কিয় শেষ কৰাৰ সিদ্ধান্ত ল’লে ২২ বছৰীয়া ঈশাই? ভাৰাঘৰত উদ্ধাৰ গুৱাহাটীলৈ আহি সপোন খেদা যুৱতীৰ নিথৰ দেহ

উৰুকাৰ দিনটোতেই এগৰাকী যুৱতীৰ মৃত্যুৱে জোকাৰিছে গুৱাহাটী। গুৱাহাটীত পুনৰ এগৰাকী যুৱতীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত।

মহানগৰীৰ পূব শৰণীয়াৰ ভাৰাঘৰত চৰম পন্থা গ্ৰহণ কৰি মৃত্যুক সাবটিলে যুৱতীগৰাকীয়ে। ভাৰাঘৰত অকলশৰে থকা অৱস্থাত এই সিদ্ধান্ত গ্ৰহণ কৰে তেওঁ।

মৃত যুৱতীগৰাকীক ঈশা ভৰালী (২২) বুলি চিনাক্ত কৰা হৈছে। যুৱতীগৰাকীৰ ঘৰ বিশ্বনাথ চাৰিআলিত। এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল ঈশা ভৰালী।

পূব শৰণীয়াত এগৰাকী বান্ধৱীৰ সৈতে ভাৰাত আছিল যুৱতীগৰাকী। কিন্তু, বান্ধৱীগৰাকী পৰহি গৈছিল নিজ ঘৰলৈ।

সোমবাৰে অকলশৰে থকা অৱস্থাত নিজকে শেষ কৰিলে ঈশাই। অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই যুৱতীগৰাকীৰ এই সিদ্ধান্তৰ কাৰণ। মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

Exit mobile version