৮ জুনৰ পৰা পুনৰ মুকলি হ’ব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাগৃহ

1 min read

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা হোৱা লকডাউনৰ বাবে যোৱা ২৪ মার্চৰ পৰা বন্ধ হৈ থকা গুৱাহাটী প্ৰেছ ক্লাবৰ সভাগৃহ ৰাইজৰ বাবে পুনৰ মুকলি কৰাৰ সিদ্ধান্ত।অহা ৮ জুনৰ পৰা ৰাইজৰ বাবে মুকলি কৰি দিয়া হব প্ৰেছ ক্লাবৰ সভাগৃহ।এই কথা প্ৰকাশ কৰিলে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায় আৰু সভাপতি মনোজ কুমাৰ নাথে।

ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সৈতে হোৱা মৌখিক আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে প্ৰেছ ক্লাব কৰ্তৃপক্ষই।প্ৰথম অৱস্থাত সংবাদ মাধ্যমৰ বাবে জৰুৰী বিবেচিত হোৱা সংবাদমেল,গ্ৰন্থ উন্মোচন,চিডি-ভিচিডি উন্মোচন আদিৰ বাবে সভাগৃহ ব্যৱহাৰৰ অনুমতি দিয়া হ’ব ।

সভাগৃহ ব্যৱহাৰ সন্দৰ্ভত প্ৰেছ ক্লাবৰ তৰফৰ পৰা বান্ধি দিয়া হৈছে কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা-

সামাজিক দূৰত্ব ৰক্ষা কৰিব লাগিব।সভাগৃহৰ ভিতৰত ২০জনতকৈ অধিক সমবেত হ’ব নোৱাৰিব।

মঞ্চত তিনিজন ব্যক্তি উপস্থিত থাকিব পাৰিব।লগতে সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

প্ৰেছ ক্লাবৰ অনুমতি লৈ অনুষ্ঠানত খাদ্য সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব।

অনুষ্ঠানত অহা লোকসকলক থাৰ্মেল স্কেনাৰেৰে শৰীৰৰ উত্তাপ জোখাটো বাধ্যতামুলক।

সভাগৃহত প্ৰৱেশৰ পূৰ্বে হেণ্ড ছেনিটাইজ কৰাটো জৰুৰী

You May Also Like

More From Author