Site icon Guwahati Times

গুৱাহাটীত পুনৰ নাবালিকাক ধৰ্ষণ; গ্ৰেপ্তাৰ ৪৬ বছৰীয়া অভিযুক্ত লোক

গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ পৰা এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ৪৬ বছৰীয়া লোক।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এগৰাকী ১৪ বছৰীয়া নাবালিকাক এজন ৪৬ বছৰীয়া লোকে ধৰ্ষণ কৰাৰ বাতৰি পোৱা গৈছে। মহম্মদ বেটন আলী নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।

খবৰ অনুসৰি, কিশোৰীগৰাকী বাসগৃহত অকলে থকাৰ সুযোগতে অভিযুক্ত আলীয়ে এসপ্তাহ পূৰ্বে এই অপৰাধ সংঘটিত কৰিছিল। ভুক্তভোগীগৰাকীয়ে দিছপুৰ থানাত দাখিল কৰা অভিযোগৰ পাছতে দেওবাৰে এই ঘটনা পোহৰলৈ আহে।

এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি)য়ে কয় যে এজাহাৰ পোৱাৰ কিছু সময়ৰ পিছতে আৰক্ষীয়ে অভিযুক্ত আলীক গ্ৰেপ্তাৰ কৰে।

Exit mobile version