Site icon Guwahati Times

নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত পল্লৱী কলিতাৰ সৈতে নাম সাঙুৰ খাইছে এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ…

কেচু খান্দোতে ওলাইছে সাপ। নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলোৱা জানমণি দাস আৰু তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে মহানগৰীৰ স্পা সমূহলৈ উজনি অসমৰ ধুনীয়া যুৱতীক যোগান ধৰা পল্লৱী কলিতাকো গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য।

যোৰহাটৰ বৰুৱা চাৰিআলিত বাৰবাৰা নামৰ এখন ইউনিচেস্ক পাৰ্লাৰ খুলি এই ব্যৱসায় চলোৱা পল্লৱী কলিতাৰ ৰাজ্যৰ এজন বিশিষ্ট কণ্ঠশিল্পীৰ সু-সম্পৰ্ক। আনকি কিছুদিন পূৰ্বে যোৰহাটত জন্মদিন পালন কৰিবলৈ গৈ এই স্পাতেই কিছু সময় কটাইছিল এই গৰাকী কণ্ঠশিল্পীয়ে। বিউটি পাৰ্লাৰ খুলি এই ব্যৱসায় চলোৱা পল্লৱী কলিতাই হোটেল সমূহলৈও যোগান ধৰে যুৱতী। যোৰহাটৰ এখন বিশেষ হোটললৈ নিয়মীয়াকৈ যুৱতী যোগান ধৰা কলিতাই এজনী যুৱতী যোগান ধৰাৰ নামত আদায় লয় ৩ৰ পৰা ৫ হাজাৰ টকা।

ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ বেংক সমূহ জব্দ কৰি ছীল কৰি দিছে। বিশাল নামৰ এজন যুৱকৰ উদ্যোগত এই ব্যৱসায়ৰ পাতনি মেলা পল্লৱী কলিতাই বহু গ্ৰাহক তথা উচ্চ পদস্থ বিষয়াক ফৰমাইচ অনুসৰি যুৱতী যোগান ধৰে। এই বিশাল নামৰ যুৱক গৰাকী হ’ল জানমণি দাসৰ দূৰ সম্পৰ্কীয় ভাতৃ। ইফালে এই ব্যৱসায় চলোৱা বিউটি পাৰ্লাৰখন থকা শ্যামন্ত গৌতম নামৰ যুৱক জনৰ সৈতেও পল্লৱী কলিতাৰ আছে সু-সম্পৰ্ক।

যোৰহাটৰ বাহিৰত থকা জনৈক সীমান্তৰ জৰিয়তে পল্লৱীয়ে সু সম্পৰ্ক স্থাপন কৰিছিল তেওঁৰ সৈতে নাম উচ্ছৰিত হোৱা কণ্ঠশিল্পী গৰাকীৰ সৈতে। ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ পৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ মানুহ সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে কেন্দ্ৰীয় অনুসন্ধানকাৰী সস্থা তৎপৰ হৈ পৰিছে।

Exit mobile version