Site icon Guwahati Times

২ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল অৰূপ, কাইলৈ আছিল বিবাহৰ অভ্যৰ্থনা!

তিয়া বিয়াৰ আনন্দৰ পৰিৱৰ্তে অৰূপৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। পুত্ৰৰ বিয়াৰ আনন্দৰ পৰিৱৰ্তে এতিয়া শোকে খুন্দা মাৰি ধৰিছে অৰূপ পিতৃ–মাতৃৰ।

নুনমাটিৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ অভিযুক্ত অৰূপ দাসৰ কাইলৈ আছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। ২ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল অৰূপ। বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান উপলক্ষে অৰূপৰ খানাপাৰাৰ বাসগৃহত দিয়া হৈছিল ৰভাও। সকলো বজাৰ–সমাৰ কৰা হৈছিল অভ্যৰ্থনা অনুষ্ঠানৰ বাবে। পিতৃয়ে অৰ্ডাৰ কৰিছিল মাছ–মাংসও। কিন্তু বন্দনাৰ ভৰি দি এতিয়া আৰক্ষীৰ জালত অৰূপ দাস।

অৰূপ দাসৰ ঘৰত এতিয়া হাহাকাৰ অৱস্থা। কান্দি–কাটি সময় পাৰ কৰিছে পিতৃ–মাতৃয়ে। বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিবলগীয়া পুত্ৰ এতিয়া আৰক্ষীৰ জিম্মাত। তাকো এক জঘন্য অপৰাধৰ অভিযোগত। আজি পুৱাই মন–মগজু কঁপাই যোৱা হত্যাকাণ্ডৰ তিনি অভিযুক্তক লৈ মেঘালয়লৈ ৰাওনা হৈছে আৰক্ষীৰ এটা দল।

ইফালে, নিচাজাতীয় দ্ৰব্য খুৱাই অৰূপক ফচোৱাৰ অভিযোগ পৰিয়ালৰ। তেওঁলোকে কয়, ধনটিৰ সৈতে অৰূপ ঘৰলৈ গৈছিল বন্দনা। বন্দনাই নিজকে অনামিকা কলিতা বুলি দিছিল চিনাকি। ধনটিৰ সৈতে বিয়া ঠিক হৈ থকা বুলি কৈছিল বন্দনাই। বন্দনা কলেজৰ বান্ধৱী বুলি ধনটিয়ে পৰিচয় কৰাই দিছিল অৰূপৰ পৰিয়ালক।

এতিয়া বিয়াৰ আনন্দৰ পৰিৱৰ্তে অৰূপৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। পুত্ৰৰ বিয়াৰ আনন্দৰ পৰিৱৰ্তে এতিয়া শোকে খুন্দা মাৰি ধৰিছে অৰূপ পিতৃ–মাতৃৰ। আনন্দৰ পৰিৱৰ্তে অৰূপৰ পৰিয়ালত এতিয়া বিষাদগধূৰ পৰিৱেশ।
Exit mobile version