Site icon Guwahati Times

ঐক্য-শান্তি-প্ৰগতিৰ শ্লোগানেৰে খৈৰাবাৰীত হাগ্ৰামাৰ পদযাত্ৰা

২০২৪ৰ লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে হাগ্ৰামা বাহিনী। পুনৰ ক্ষমতা দখলৰ বাবে নিজৰ দলটোক শক্তি শালী কৰাত উঠি-পৰি লাগিছে হাগ্ৰামা মহিলাৰী । বিভিন্ন সভা -সমিতি, পদযাত্ৰা আদি কাৰ্যসূচীত অংশ লৈ বি পি এফৰ সপক্ষে পুনৰ এক জনজাগৰণ অনাৰ বাবে তৎপৰ হৈ পৰিছে বি টি চিৰ প্ৰাক্তন প্ৰধানগৰাকী। আজি খৈৰাবাৰীতো এক বিশাল পদযাত্ৰাত অংশ গ্ৰহণ কৰে বি পি এফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে। মহিৰংগ ভৱনৰ পৰা খৈৰাবাৰী চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰা পদযাত্ৰাত হাজাৰ হাজাৰ দলীয় কৰ্মী -সমৰ্থকে অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতে বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীৰ সঞ্চালনাত অনুষ্ঠিত দলীয় সজাগতা সভাত অংশ লৈ হাগ্ৰামা মহিলাৰীয়ে বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে প্ৰমোদ বড়োৱে বি টি চিৰ কোনো পৰিৱৰ্তন আনিব পৰা নাই। এবছুইহে বি টি চি চলাই আছে। সভাত বিধায়ক দুৰ্গা দাস বড়োৱেও প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি চি চৰকাৰৰ কাম-কাজক চোকা ভাষাৰে সমালোচনা কৰে। অন্যায়ভাৱে বি পি এফক ক্ষমতাৰ পৰা আতৰাই ৰখা হৈছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে বি টি চিত যেতিয়াই নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়াই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল বিজয়ী হ’বলৈ সক্ষম হ’ব। সভাত প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, মনেশ্বৰ ব্ৰহ্ম, বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, বি টি চিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়োকে ধৰি বিভিন্ন কোষৰ নেতৃবৃন্দৰ লগতে ভালে সংখ্যক বিশিষ্ট নাগৰিক আৰু দলীয় নেতা-কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে আজিৰ সভাত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ৫৪ গৰাকী লোকে বি পি এফত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Exit mobile version