Site icon Guwahati Times

প্ৰচণ্ড শিলাবৃষ্টি, বতাহ-ধুমুহাই পুনৰ জোকাৰিলে নলবাৰীৰ বৃহত্তৰ অঞ্চল

প্ৰচণ্ড বতাহ ধুমুহা আৰু শিলাবৃষ্টিয়ে জোকাৰি গ’ল নলবাৰী । মঙলবাৰে নিশা অহা ধুমুহাৰ বিভীষিকা মাৰ নৌযাওঁতেই বুধবাৰে সন্ধিয়া পুনৰ শিলাবৃষ্টি আৰু বতাহ ধুমুহাই জোকাৰি গ’ল নলবাৰীৰ বৃহত্তৰ অঞ্চল। নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ কেইবাখনো ৰাজহ গাঁৱত বতাহ ধুমুহাই বিস্তৰ ক্ষতি কৰে।

ইয়াৰ লগতে বানেকুছি ৰাজহ চক্ৰ, পশ্চিম নলবাৰী ৰাজহ চক্ৰ, ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ লগতে জিলাখনৰ প্ৰান্তে প্ৰান্তে কম বেছি পৰিমাণে ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হয় । মঙলবাৰে নিশা অহা ধুমুহাৰ পিছতেই বানেকুছিৰ বাংনাবাৰী মাজগাঁৱত পথে পথে গছ উভালি পৰাৰ ফলত যোগযোগো ব্যাহত হৈ আছে ।

নলবাৰীৰ বৰজাৰস্থিত বৰমা বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ বিভিন্ন প্ৰান্তত বৈদ্যুতিক পোষ্ট উভালি ২০ ঘন্টাৰো অধিক সময় বিদ্যুৎ যোগান ব্যাহত হৈ আছে, অন্ধকাৰত বুৰ গৈছে সমগ্ৰ অঞ্চল। বাংনাবাৰী প্ৰাথমিক বিদ্যালয়ত গছ উভালি পৰাৰ ফলত দুদিন বন্ধ দিয়া হৈছে বিদ্যালয় ।

ইফালে বুধবাৰে নিশা অহা শিলাবৃষ্টিৰ ফলত জিলাখনৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰে। প্ৰকাণ্ড প্ৰকাণ্ড আকাৰৰ শিল পৰাৰ ফলত খেতিপথাৰ আৰু ঘৰ দুৱাৰৰো যথেষ্ট ক্ষতিসাধন হৈছে ।

Exit mobile version