Site icon Guwahati Times

চিলাপথাৰৰ বিভিন্ন অঞ্চলত ধুমুহাৰ তাণ্ডৱ

চিলাপথাৰৰ ডিমৌত শুক্ৰবাৰে সন্ধিয়া ৬ মান বজাত  হঠাৎ অহা বিধ্বংসী ধুমুহাৰ  ফলত দিজমুৰ, শ্যামজুলীকে ধৰি কেইবাখনো গাঁৱত অৰ্ধশতাধিক  পৰিয়ালৰ ঘৰ ,ভড়ালৰ টিনপাত উৰোৱাই ভাঙি লণ্ড ভণ্ড কৰে। ফলত ওৰেনিশা কোনোৰকম কটাবলগীয়া হ’ল এই সকল  ক্ষতিগ্ৰস্ত  পৰিয়ালে ৷

হঠাৎ অহা বিধ্বংসী ধুমুহাত বাসগৃহ, বহু  মূল্যবান গছ-গছনিৰ উভালি পৰে। লগতে বিদ্যুতৰ খুঁটা উভালি যোৱাৰ লগতে তাঁৰ চিঙি যোৱাত বিদ্যুত সেৱা সম্পূৰ্ণৰূপে বিচিন্ন হৈ পৰে ৷ কালধুমুহাৰ ফলত শ্যামজুলীৰ পৰা লামাবৰগড়ালৈ যোৱা পকী পথত প্ৰকাণ্ড গছ  উঘালি পৰাত পথসমূহ সম্পূৰ্ণ বন্ধ হোৱাৰ লগতে বিদ্যুতৰ খুঁটা ধুমুহা বতাহৰ ফলত ভাঙি মাটিত পৰি ৰৈছে।

ধুমুহা  অহাৰ গম পাই বহু পৰিয়ালে ঘৰ এৰি পলায়ন কৰাৰ কাৰণে প্ৰাণ ৰক্ষা পৰিল।ইপিনে ক্ষতিগ্ৰস্ত দুৰ্ভগীয়া পৰিয়াল সমুহে এককালীন আৰ্থিক সাহায্য আগবঢ়াবলৈ চৰকাৰ তথা জিলাপ্ৰশাসনৰ ওচৰত দাবী জনাইছে ৷

Exit mobile version