Site icon Guwahati Times

কামৰ ব্যস্ততা, কি কৌশলৰে যত্ন ল’ব চুলিকোচাৰ?

খোলাকৈ নহয়, বান্ধি ৰাখক চুলিকোচা
বাহিৰলৈ গ’লে বহুতেই চুলিকোচা খুলি গৈ ভাল পায়। বাহিৰৰ ৰ’দ, ধুলি-বালিৰ সংস্পর্শলৈ আহিলে চুলি নষ্ট হোৱাৰ আশংকা বেছি। বিশেষকৈ চোকা ৰদত চুলি মেলি নৰখাই ভাল।

চুলিত স্কার্ফ মেৰিয়াই ল’ব
সূর্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ পৰা ছালখনক সুৰক্ষিত কৰি ৰাখিবলৈ ছানস্ক্রীমৰ ব্যৱহাৰ থাকিলেও চুলি ৰক্ষা কৰিবলৈ চুলিৰ ছানস্ক্রীমৰ বহুতৰে বাবে অপৰিচিত। তেনে ক্ষেত্রত বাহিৰলৈ যোৱাৰ আগতে মুৰত স্কার্ফ মেৰিয়াই যাব পাৰে। এতিয়া এনেও শীতকাল। গতিকে স্কার্ফ মেৰিয়ালে গৰম লাগিব। চুলিকোচা পনিটেল কৰি বান্ধি ছিল্কৰ স্কার্ফ ওপৰেৰে মেৰিয়াব পাৰে।

ঘৰুৱা কণ্ডিছনাৰ তৈয়াৰ কৰি লওঁক
এতিয়া শীত বুলি ঘনে চেম্পু কৰাৰ প্রৱণতা কিছু কমি যায়। গতিকে চুলি ভালে ৰাখিবলৈ ঘৰতেই তৈয়াৰ কৰক কণ্ডিছনাৰ। নাৰিকলৰ গাখীৰ, এলোভেৰা আৰু মিথি দি প্রাকৃতিক উপায়েৰে তৈয়াৰ কৰক কণ্ডিছনাৰ। এই কণ্ডিছনাৰৰ ব্যৱহাৰেৰে চুলি হৈ উঠিব উজ্জ্বল আৰু প্রাণৱন্ত।

হেয়াৰ ড্রায়াৰ ব্যৱহাৰ নকৰিব
সোনকালে চুলিকোচা শুকোৱাবলৈ বহুতেই হেয়াৰ ড্রায়াৰ ব্যৱহাৰ কৰে। কিন্তু, ই চুলিৰ স্বাভাৱিক তৈলাক্ত ভাব নষ্ট কৰে আৰু চুলি হৈ পৰে ৰুক্ষ। যদি ব্যস্ততা বেছি, তেন্তে স্নান কৰাৰ সময়ত সদায় চুলিকোচা নিভিজাব। চেম্পু কৰিবলৈ হলে সময় লৈ স্নান কৰক। ড্রায়াৰ ব্যৱহাৰ মুঠতে নকৰিব।

Exit mobile version