Site icon Guwahati Times

হাজোৰ কুলহাটী-পাচগাওঁ গাওঁ পঞ্চায়তত সংঘটিত দূৰ্নীতি-অনিয়মৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুনোদয় আচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত সংঘটিত দূৰ্নীতি-অনিয়মৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰাল ভাৱে হাজো খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত হাজোৰ ৯২ নং কুলহাটী-পাচগাওঁ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত আজি দিনৰ এঘাৰ বজাত অৰুনোদয় আচনি আৰু পি এম ৱাই আচনি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত অবাধ দূৰ্নীতি-অনিয়মৰ বিৰুদ্ধে একাংশ বঞ্চিত মহিলাই ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী মহিলা সকলে পঞ্চায়ত কাৰ্যালয়টোৰ সন্মুখত ৯২ নং কুলহাটী- পাচগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে অভিযোগ তুলি পঞ্চায়ত সভানেত্ৰী মূৰ্দাবাদ, সভানেত্ৰীৰ স্বামীৰ দালালৰাজ নচলিব,পি এম ৱাই আচনিৰ দূৰ্নীতিৰ তদন্ত কৰক, অৰুনোদয় আচনিত সংঘটিত অবাধ দূৰ্নীতি- অনিয়মৰ তদন্ত কৰক,বঞ্চিত প্ৰকৃত হিতাধিকাৰীক নিৰ্বাচন কৰক,পঞ্চায়ত সভানেত্ৰীৰ মইমতালি বন্ধ কৰক আদি ধবনিৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে। প্ৰতিবাদী মহিলা সকলে উত্থাপন কৰা অভিযোগ অনুসৰি,আৰ্থিক ভাৱে সবল ধনী ব্যক্তিৰ নাম অৰুনোদয় আচনিত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে একাংশ বিধৱা, দুখীয়া প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰিছে। প্ৰতিবাদী মহিলা সকলে পঞ্চায়ত খনত আচনি ৰূপায়নত সংঘটিত অনিয়ম-দূৰ্নীতিৰ এক উচিত তদন্ত দাবী জনাইছে।

Exit mobile version